உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Russia Restricts Facebook: যুদ্ধৰ মাজতে ৰাছিয়াই ফেচবুকৰ ওপৰত জাৰি কৰিলে নিষেধাজ্ঞা

    Russia Restricts Facebook: যুদ্ধৰ মাজতে ৰাছিয়াই ফেচবুকৰ ওপৰত জাৰি কৰিলে নিষেধাজ্ঞা

    Russia Partially Bans Facebook:দেশখনে ফেচবুকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ লগে লগে ৰাছিয়াৰ জনতাই ফেচবুক ব্যৱহাৰৰ ক্ষেত্ৰত নানা সমস্যাৰ সৃষ্টি হ'ব। 

    • Share this:
    ইউক্ৰইন (Ukraine)ত আক্ৰমণৰ মাজতে ৰাছিয়াই আংশিকভাৱে নিষেধাজ্ঞা আৰোপ কৰিলে আমেৰিকাৰ ছচিয়েল মিডিয়া কোম্পানী ফেচবুক (Facebook)ৰ ব্যৱহাৰত। ফেচবুকে ৰাছিয়াৰ নাগৰিকৰ ওপৰত চেনশ্বৰশ্বিপ আৰোপ কৰি ৰাছিয়া (Russia)ৰ নাগৰিকৰ অধিকাৰ হৰণ কৰাৰ অভিযোগ তুলি এই নিষেধাজ্ঞা আৰোপ কৰে।

    ৰাছিয়াই অভিযোগ কৰে যে ফেচবুকে ৰাছিয়াৰ চৰকাৰী চেনেল Zvezda, চৰকাৰী নিউজ এজেন্সী RIA Novisti, অনলাইন নিউজ পোৰ্টেল Lenta.ru আৰু Gazeta.ruৰ অফিচিয়েল ফেচবুক একাউণ্টবোৰত সীমাবদ্ধতা আৰোপ কৰিছে।

    ৰাছিয়াই ফেচবুকৰ পিতৃ প্ৰতিষ্ঠান মেটা (Meta)লৈ এই বিষয়ে পত্ৰ লিখি এই সীমাবদ্ধতাসমূহ আতৰোৱাৰ বাবে অনুৰোধ কৰিছিল যদিও ফেচবুকে কোনো সহাৰি নিদিলে বুলি অভিযোগ কৰে। ৰাছিয়াৰ অভিযোগ যে ২০২০ চনৰ অক্টোবৰৰ পৰাই ফেচবুকে ৰাছিয়াৰ বিৰুদ্ধে এনেধৰণৰ চেনশ্বৰশ্বীপ আৰোপ কৰি আহিছে।

    এতিয়া দেশখনে ফেচবুকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ লগে লগে ৰাছিয়াৰ জনতাই ফেচবুক ব্যৱহাৰৰ ক্ষেত্ৰত নানা সমস্যাৰ সৃষ্টি হ'ব।
    Published by:Manjumoni Borah
    First published: