• Home
  • »
  • News
  • »
  • world
  • »
  • Russia School Shooting: ৰাছিয়াৰ ইজেভস্কৰ স্কুলত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, ৭ শিশুকে ধৰি ১৩ জনক গুলীয়াই হত্যা, নিজকো গুলীয়ালে হত্যাকাৰীয়ে

Russia School Shooting: ৰাছিয়াৰ ইজেভস্কৰ স্কুলত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, ৭ শিশুকে ধৰি ১৩ জনক গুলীয়াই হত্যা, নিজকো গুলীয়ালে হত্যাকাৰীয়ে

Image: The Moscow Times

Image: The Moscow Times

Russia School Shooting: বন্দুকধাৰীজনৰ বিষয়ে বা তেওঁৰ উদ্দেশ্য সম্পৰ্কে কোনো সবিশেষ প্ৰকাশ কৰা হোৱা নাই।

  • Share this:
সোমবাৰে পুৱা মধ্য ৰাছিয়া (Russia)ৰ এখন বিদ্যালয়ত এজন অচিনাক্ত বন্দুকধাৰী (gunman) য়ে নিৰ্বিচাৰ গুলীচালনা কৰাৰ পিছত ৭ শিশুসহ কমেও ১৩ জন লোক নিহত হোৱাৰ লগতে ২১জন আহত হয়।

উডমুৰটিয়া অঞ্চলৰ গৱৰ্ণৰ আলেকজেণ্ডাৰ ব্ৰেচালভে এক ভিডিঅ’ বিবৃতিত কয় যে অঞ্চলটোৰ ৰাজধানী ইজেভস্ক (Izhevsk)ৰ এখন বিদ্যালয়ত প্ৰৱেশ কৰি অচিনাক্ত লোকজনে এজন প্ৰহৰী আৰু কেইবাজনো শিশুক হত্যা কৰে। গৱৰ্ণৰ আৰু স্থানীয় আৰক্ষীৰ মতে, বন্দুকধাৰীজনে নিজকে গুলীয়াই হত্যা কৰে। লগে লগে বিদ্যালয়খন খালী কৰোৱা হয়।

বন্দুকধাৰীজনৰ বিষয়ে বা তেওঁৰ উদ্দেশ্য সম্পৰ্কে কোনো সবিশেষ প্ৰকাশ কৰা হোৱা নাই।

৬ লাখ ৪০ হাজাৰ লোকৰ ইজেভস্ক নামৰ চহৰখন মধ্য ৰাছিয়াৰ উৰাল পৰ্বতৰ পশ্চিমে মস্কো (Moscow)ৰ পৰা প্ৰায় ৯৬০ কিলোমিটাৰ (৫৯৬ মাইল) পূবে অৱস্থিত।

স্থানীয় একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি আক্ৰমণকাৰীজন আছিল এজন সংগঠিত সৈনিক যিয়ে ইউক্ৰেইন (Ukraine)লৈ যাব নিবিচাৰে। তদন্তকাৰীৰ মতে, আক্ৰমণকাৰীয়ে “নাজী প্ৰতীক (Nazi symbols) আৰু বালাক্লাভা থকা ক’লা ৰঙৰ টপ পিন্ধিছিল” আৰু তেওঁৰ লগত কোনো পৰিচয় পত্ৰ নাছিল।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি