• Home
  • »
  • News
  • »
  • world
  • »
  • News in Assamese : আমেৰিকাৰ লগত বন্ধুত্বৰ পৰিণাম হ'ব পাৰে ভয়ংকৰ, ইউক্ৰেইন সীমান্তত বৃদ্ধি ৰুছ সেনাৰ সঞ্চালন

News in Assamese : আমেৰিকাৰ লগত বন্ধুত্বৰ পৰিণাম হ'ব পাৰে ভয়ংকৰ, ইউক্ৰেইন সীমান্তত বৃদ্ধি ৰুছ সেনাৰ সঞ্চালন

News in Assamese : বিগত কেইটিমান বছৰত ইউক্ৰেইনে (Ukraine) আমেৰিকা (America)ৰ সৈতে কূটনৈতিক সম্পৰ্ক বৃদ্ধি কৰা কাৰ্যক সহজভাৱে ল'ব পৰা নাই ৰাছিয়া (Russia)ই। আমেৰিকাৰ সৈতে ইউক্ৰেইনে কৰা বন্ধুত্বৰ ফলশ্ৰতিতে বৰ্তমান ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ শত্ৰুতা বৃদ্ধি পোৱাও দেখা গৈছে।

  • Share this:
ইউক্ৰেইন সীমান্তত (Ukraine) হঠাৎ সৈন্য সঞ্চালন বৃদ্ধি কৰিছে ৰাছিয়াই। ৰুছ সেনা (Russian Army)ৰ ৯০ হাজাৰ সৈন্যই অৱস্থান গ্ৰহণ কৰিছে ইউক্ৰেইন সীমান্তত। সাঁজু হৈ আছে ৰাছিয়ান আৰ্টিলেৰীৰ ৬০০ অত্যাধুনিক টেংক। যিকোনো মুহুৰ্ততে আক্ৰমণ কৰিবলৈ সাঁজু হৈ আছে ৰাছিয়াৰ বায়ু সেনা। অপেক্ষা মাথো ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন (Vladimir Putin)ৰ নিৰ্দেশলৈ। ইতিমধ্যে ইউক্ৰেইনৰ চোৰাংচোৱা সংস্থাই দেশখনৰ প্ৰতিৰক্ষা বিভাগক ৰুছৰ সমৰসজ্জাৰ দৃশ্যাংস উপগ্ৰহৰ জৰিয়তে প্ৰেৰণ কৰিছে। এই তথ্য ইউক্ৰেইনৰ প্ৰতিৰক্ষা বিভাগে লাভ কৰাৰ পিছতে সমগ্ৰ বিশ্বতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। অৱশ্যে ৰাছিয়াৰ প্ৰতিৰক্ষা বিভাগে এই বাতৰিক অস্বীকাৰ কৰিছে।

কিয় ৰাছিয়াই আক্ৰমণ কৰিব পাৰে ইউক্ৰেইনক? 

আজিৰ পৰা কিছূদিন আগতে Black Sea (কৃষ্ণ সাগৰ)ত আমেৰিকাই ইউক্ৰেইনৰ নৌ সেনাৰ (Ukraine-America Joint Naval Exercise) সৈতে যুটীয়াভাৱে সামৰিক অনুশীলন কৰিছিল। ৰাছিয়াৰ সাগৰীয় সীমান্তৰ ওচৰতে কৰা এই অনুশীলনত আপত্তি দৰ্শাইছিল ৰাছিয়াৰ প্ৰতিৰক্ষা বিভাগে। কিন্তু ইউক্ৰেইনে ৰাছিয়াৰ আপত্তি স্বত্বেও কৃষ্ণ সাগৰত আমেৰিকাৰ নৌ সেনাৰ সৈতে চলোৱা সামৰিক অনুশীলনত ক্ষুব্ধ হৈ পৰে দেশখন। ইয়াৰ পিছতে হঠাৎ ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তত বৃদ্ধি কৰিছে সৈন্য সঞ্চালন।

উল্লেখযোগ্য যে, বিগত কেইটিমান বছৰত ইউক্ৰেইনে আমেৰিকাৰ সৈতে কূটনৈতিক সম্পৰ্ক বৃদ্ধি কৰা কাৰ্যক সহজভাৱে ল'ব পৰা নাই ৰাছিয়াই। আমেৰিকাৰ সৈতে ইউক্ৰেইনে কৰা বন্ধুত্বৰ ফলশ্ৰতিতে বৰ্তমান ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ শত্ৰুতা বৃদ্ধি পোৱাও দেখা গৈছে।
Published by:Manjumoni Borah
First published: