ইউৰোপৰ পূব প্ৰান্তত ৰাছিয়া আৰু ইউক্ৰেইনৰ (Russia-Ukraine Crisis) মাজত চলি থকা যুদ্ধ সদৃশ পৰিবেশ ক্ৰমাত জটিলৰ পৰা জটিলতৰ হৈ পৰিছে। সমগ্ৰ বিশ্বৰ দৃষ্টি ইউক্ৰেইন (Ukraine) সংকটক সৈ নিবদ্ধ হৈ থকাৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে (Vladimir Putin) ইউক্ৰেইনৰ দুটা অঞ্চলক স্বাধীন ৰাষ্ট্ৰ ঘোষণা কৰিছে। ইউক্ৰেইনৰ বিদ্ৰোহী গোটৰ দখলত থকা লুহাংস্ক আৰু ডোনেষ্টকক স্বাধীন ঘোষণা কৰিলে পুটিনে। লগে লগে ইউক্ৰেইন চৰকাৰ, নাটো (NATO) বাহিনী আৰু আমেৰিকা (America)ক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে পুটিনে।
পুটিনে কয় যে ইউক্ৰেইন এতিয়া আমেৰিকাৰ কলনীত পৰিণত হৈছে। পুটিনৰ এই মন্তব্যৰ পিছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে জাঙুৰ খাই উঠিছে। তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জেলেনস্কিয়ে কয় যো আমি কালৈকো ভয় নকৰোঁ। জেলেনস্কিয়ে ৰাছিয়াৰ বিৰুদ্ধে পশ্চিমী শক্তিৰ সমৰ্থন লাভ কৰি বুলি আশা পালি আছে।
পুটিনে ইউক্ৰেইনক সকীয়াই দিয়ে যে দেশখনে সীমান্তত সৈনিক কুচকাৱাজ শীঘ্ৰে বন্ধ কৰক। লগতে নাটো বাহিনীত অন্তৰ্ভুক্ত হোৱাৰ পৰা বিৰত থাকিবলৈও ইউক্ৰেইনক সকীয়াই দিছে পুটিনে। ইউক্ৰেইনে সৈন্য সঞ্চালন নকমালে যদি জন-ধনৰ কিবা হানি হয় তেন্তে তাৰ বাবে ইউক্ৰেইন চৰকাৰেই সম্পূৰ্ণ জগৰীয়া হ'ব। পুটিনে অভিযোগ কৰে যে ইউক্ৰেইনে আজিৰ তাৰিখত কেৱল ৰাছিয়াৰ সৈতে ঐতিহাসিক সম্পৰ্কক অস্বীকাৰ কৰাই নহয়, নাটো বাহিনীৰ লগ লাগি ৰাছিয়াক ধ্বংস কৰাৰ নাটোৰ এজেণ্ডাকো সহায় কৰিছে।
ইপিনে আমেৰিকাই বাৰম্বাৰ কৈ আছে যে যিকোনো মুহূৰ্তত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিব পাৰে। এনে নকৰিবলৈ ৰাছিয়াক বাৰম্বাৰ সকীয়নি দি আছে আমেৰিকাই। নাটো বাহিনীকো সস্তম কৰি ৰাখিছে জো বাইডেনে। কিন্তু এই মুহূৰ্তত কোনো শান্তি আলোচনাজাতীয় কথাৰ সম্ভাৱনা নুই কৰিছে পুটিনে।
Published by: Manjumoni Borah
FIRST PUBLISHED : February 22, 2022, 12:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।