• Home
  • »
  • News
  • »
  • world
  • »
  • Russia Attacks Ukraine: ৰাছিয়া আক্ৰমণ কৰিব পাৰে NATOৱে! পুটিনৰ সকীয়নি- ইউক্ৰেইন-ৰাছিয়াৰ মাজত আনৰ দখলদাৰী সহ্য কৰা নহ'ব

Russia Attacks Ukraine: ৰাছিয়া আক্ৰমণ কৰিব পাৰে NATOৱে! পুটিনৰ সকীয়নি- ইউক্ৰেইন-ৰাছিয়াৰ মাজত আনৰ দখলদাৰী সহ্য কৰা নহ'ব

এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নাটোৱে এখন জৰুৰী বৈঠক আহ্বান কৰিছিল।

এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নাটোৱে এখন জৰুৰী বৈঠক আহ্বান কৰিছিল।

এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নাটোৱে এখন জৰুৰী বৈঠক আহ্বান কৰিছিল।

  • Share this:
ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সামৰিক আক্ৰমণ অব্যাহত থকাৰ মাজতে সন্দেহ প্ৰকাশ কৰা হৈছে যে ৰাছিয়াক ৩০খন দেশৰ সংযুক্ত গোট NATOৱে আক্ৰমণ কৰিব পাৰে। এতিয়াৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নাটোৱেও ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, ৩০খন নাটো সদস্য ৰাষ্ট্ৰই ৰাছিয়াৰ (Russia) ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছে। এয়া কোৱা হৈছে যে নাটোৱে ৰাছিয়াৰ বিৰুদ্ধে অনুচ্ছেদ Article-4 ব্যৱহাৰ কৰিব।

উত্তৰ আটলাণ্টিক চুক্তিৰ অনুচ্ছেদ ৪-ত (Article 4 of The North Atlantic Treaty) কোৱা হৈছে, "যেতিয়াই তেওঁলোকৰ যিকোনো এখন ৰাষ্ট্ৰৰ আঞ্চলিক অখণ্ডতা, ৰাজনৈতিক স্বাধীনতা বা নিৰাপত্তা বিপদাপন্ন হ'ব, সদস্য ৰাষ্ট্ৰসমূহে একেলগে আলোচনা কৰিব।"

আনহাতে নাটোৰ ৱেবছাইটৰ মতে, অনুচ্ছেদ ৪-ৰ অধীনত পৰামৰ্শৰ ফলত ৩০খন সদস্য ৰাষ্ট্ৰই সামূহিক পদক্ষেপ ল'ব পাৰে।

উল্লেখ্য, ১৯৪৯ চনত গঠন হোৱা মিত্ৰতাৰ পিছত আগতে ছবাৰ অনুচ্ছেদ-৪ প্ৰয়োগ কৰা হৈছে, অতি শেহতীয়াকৈ ২০২০ চনৰ ফেব্ৰুৱাৰীত তুৰ্কীয়ে উত্তৰ ছিৰিয়াৰ বিৰোধী অধিকৃত অঞ্চলত ইয়াৰ প্ৰয়োগ কৰিছিল।

উল্লেখ্য, ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছৰে পৰা কেইবাটাও আক্ৰমণ সংঘটিত হৈছে। ৰাছিয়াই ইউক্ৰেইনৰ ১১টা ঠাইত একেলগে আক্ৰমণ চলাইছে, ফলত তাত থকা সামৰিক ঘাটিসমূহ ধ্বংস হোৱা বুলি জানিব পৰা গৈছে।

এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নাটোৱে এখন জৰুৰী বৈঠক আহ্বান কৰিছিল। এইটো কোৱা হৈছে যে এতিয়া এই নাটোৰ অধীনত ৰাছিয়াৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ পৰিকল্পনা কৰিছে। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনেও এই আক্ৰমণক গৰিহণা দিছিল।
তদুপৰি, জাৰ্মানীৰ ৰাজধানী বাৰ্লিনেও ব্ৰেণ্ডেনবুৰ্গ গেট  (Brandenburg Gate)ত ইউক্ৰেইনৰ পতাকাৰ সৈতে একাত্মতা প্ৰদৰ্শন কৰে।

ইয়াৰ মাজতে ৰাছিয়াৰ ফালৰ পৰা জনোৱা হৈছে যে আক্ৰমণ ইউক্ৰেইন চহৰৰ সলনি সামৰিক ঘাটিত কৰা হৈছে। ইউক্ৰেইনৰ জনতা সুৰক্ষিত। ৰাছিয়াই সকীয়াই দিয়ে যে ৰাছিয়া-ইউক্ৰেইনৰ (Ukraine-Russia Conflict) মাজত আন ৰাষ্ট্ৰৰ দখলদাৰীৰ পৰিণাম ভয়াৱহ হ'ব পাৰে। পুটিনে কয়- ''যিয়ে আমাৰ দেশ, আমাৰ লোকসকলৰ বাবে ভাবুকি সৃষ্টি কৰিবলৈ আমাৰ সৈতে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰে, তেওঁ জানিব লাগে যে ৰাছিয়াৰ সঁহাৰি তাৎক্ষণিক হ'ব আৰু আপোনাক এনে পৰিণামলৈ লৈ যাব যিটো আপুনি আপোনাৰ ইতিহাসত কেতিয়াও অনুভৱ কৰা নাই।''
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি