• Home
  • »
  • News
  • »
  • world
  • »
  • Russia Ukraine Crisis: সামৰিক শক্তি কাৰ কিমান, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই মাতিছে নেকি বিশ্ব যুদ্ধ

Russia Ukraine Crisis: সামৰিক শক্তি কাৰ কিমান, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই মাতিছে নেকি বিশ্ব যুদ্ধ

Russia Ukraine Crisis: ৰাছিয়াৰ সামৰিক শক্তিৰ তুলনাত ইউক্ৰেইন হাতীৰ আগত মাখিৰ দৰে। তেনেহ'লে ইউক্ৰেইনৰ নিস্তাৰ নাই নেকি?

Russia Ukraine Crisis: ৰাছিয়াৰ সামৰিক শক্তিৰ তুলনাত ইউক্ৰেইন হাতীৰ আগত মাখিৰ দৰে। তেনেহ'লে ইউক্ৰেইনৰ নিস্তাৰ নাই নেকি?

Russia Ukraine Crisis: ৰাছিয়াৰ সামৰিক শক্তিৰ তুলনাত ইউক্ৰেইন হাতীৰ আগত মাখিৰ দৰে। তেনেহ'লে ইউক্ৰেইনৰ নিস্তাৰ নাই নেকি?

  • Share this:
সৰ্বশক্তিৰে যুদ্ধত নামিছে ৰাছিয়া। ইউক্ৰেইনে ৰাছিয়াক প্ৰতিৰোধ কৰিবলৈও সৰ্ব শক্তি প্ৰয়োগ কৰিছে। ৰাছিয়া হৈছে বিশ্বৰ সৰ্বশক্তিমান দেশসমূহৰ মাজৰ এখন। ৰাছিয়াৰ সামৰিক শক্তিৰ তুলনাত ইউক্ৰেইন হাতীৰ আগত মাখিৰ দৰে। তেনেহ'লে ইউক্ৰেইনৰ নিস্তাৰ নাই নেকি? চাই লও আহক ৰাছিয়া আৰু ইউক্ৰেইনৰ সামৰিক শক্তিৰ এক তুলনা।

ৰাছিয়া হৈছে বিশ্বৰ অন্যতম শক্তিশালী সেনাবাহিনী। ইয়াৰ সেনা বাহিনীত আছে ৮ লাখ ৫০ হাজাৰ সক্ৰিয় যোদ্ধা। আনহাতে ইউক্ৰেইনৰ আছে মাত্ৰ ২ লাখ সক্ৰিয় সেনানী।

ৰাছিয়াৰ অৰ্ধসামৰিক বাহিনীত আছে ২ লাখ ৫০ হাজাৰ সেনা, আনহাতে ইউক্ৰেইনৰ অৰ্ধসামৰিক বাহিনীত আছে ৫০ হাজাৰ সেনা।

ৰাছিয়াৰ যুদ্ধ জাহাজ আছে ৬০৫ খন, ইউক্ৰেইনৰ আছে ৩৮ খন।

ৰাছিয়াৰ মুঠ বিমান আছে ৪১৭৩ খন, ইউক্ৰেইনৰ মুঠ বিমান আছে ৩১৮ খন।

ৰাছিয়াৰ যুঁজাৰু বিমান আছে ৭৭২ খন, ইউক্ৰেইনৰ যুঁজাৰু বিমান আছে ৬৯ খন। ৰাছিয়াৰ হেলিকপ্টাৰ আছে ১৫৪৩ খন, ইউক্ৰেইনৰ হেলিকপ্টাৰ আছে ১১২ খন। যুদ্ধ হেলিকপ্টাৰ ৰাছিয়াৰ আছে ৫৪৪ খন আৰু ইয়াৰ বিপৰীতে ইউক্ৰেইনৰ এটেক হেলিকপ্টাৰ আছে ৩৪ খন।



ৰাছিয়াৰ টেংক  আছে ১২,৪২০ খন, ইউক্ৰেইনৰ সামৰিক বাহিনীত টেংক আছে ২৫৯৬ খন।

অস্ত্ৰসজ্জিত যুদ্ধ বাহন ৰাছিয়াৰ আছে ৩০,১২২ খন, ইউক্ৰেইনৰ অস্ত্ৰসজ্জিত যুদ্ধ বাহন আছে ১২,৩০৩ খন।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি