মৃত্যু হৈছে নেকি কিম জং উনৰ? বিভিন্ন মাধ্যমত বিয়পিছে উৰাবাতৰি!

News18 Assam | News18-Assam
Updated:April 26, 2020, 12:31 PM IST
মৃত্যু হৈছে নেকি কিম জং উনৰ? বিভিন্ন মাধ্যমত বিয়পিছে উৰাবাতৰি!
উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন মৰিল নে জীয়াই আছে? এই বিষয়ক লৈ এতিয়া সমগ্ৰ বিশ্বত সৰৱ চৰ্চা। এটা অপাৰেশ্যনৰ পিছত কিমৰ শাৰিৰীক অৱস্থা সংকটজনক হৈ পৰাৰ কথা কিছুদিন আগতে উল্লেখ কৰিছিল আমেৰিকান সংবাদ প্ৰতিষ্ঠানে। হংকং টিভিত এতিয়াও দাবী কৰা হয় কিম জং উনৰ মৃত্যু হৈছে। ইয়াৰ মাজতে দক্ষিণ কোৰিয়াৰ প্ৰেচিডেণ্ট মুন জয় ইনৰ শীৰ্ষ নিৰাপত্তা উপদেষ্টা মুন চুং ইনে CNN-ক এক সাক্ষাত্‍কাৰত কৈছে, 'কিম জং উন বাচি আছে আৰু ভালেই আছে।'

বিভিন্ন ধৰণৰ উৰাবাতৰিৰ পিছতো বৰ্তমানলৈ নীৰৱ উত্তৰ কোৰিয়া।

  • Share this:
উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ শেহতীয়া খবৰক লৈ ফাদিল হোৱা নাই ৰহস্য। ছচিয়েল মিডিয়াত এই সন্দৰ্ভত বিয়পিছে বিভিন্ন ধৰণৰ উৰাবাতৰি। দীৰ্ঘদিন ধৰি অন্তৰ্ধান হৈ আছে কিম জং উন। ১৫ এপ্ৰিলত উত্তৰ কোৰিয়াৰ নেচনেল হলীডে’ৰ কাৰ্যসূচীত কিমে অংশগ্ৰহণ নকৰাৰ পিছতে অনুমান কৰা হৈছিল যে কিবা এটা হৈছে! কিন্তু বিশ্বৰ আন দেশৰ সৈতে দূৰত্ব বজাই ৰখা উত্তৰ কোৰিয়াৰ খবৰ দেশখনে নিজে নিদিলে, সেয়া জনাটো প্ৰায় অসম্ভৱ। বিভিন্ন ধৰণৰ উৰাবাতৰিৰ পিছতো বৰ্তমানলৈ নীৰৱ উত্তৰ কোৰিয়া।

২০১১ চনত উত্তৰ কোৰিয়াৰ শাসনভাৰ লোৱাৰে পৰা এবাৰো নেচনেল হলীডে’ৰ কাৰ্যসূচী বাতিল কৰা নাই কিমে। তেনেস্থলত এইবাৰ কাৰণত কিম জং উন উপস্থিত নাথাকিল এই কাৰ্যসূচীত? লগে লগে চৌদিশে এই বিষয়টোক লৈ চলিছিল সৰৱ চৰ্চা।

শেহতীয়াকৈ আমেৰিকাৰ চোৰাংচোৱা সংস্থাই দাবী কৰিছিলে কিম জং উনৰ শেহতীয়াকৈ হোৱা হাৰ্ট ছাৰ্জাৰী অসফল হৈছে। বৰ্তমান কিম জং উনৰ অৱস্থা সংকটজনক। নৰ্থ কোৰিয়াৰ নেতা কিম জং উনৰ ষ্টেট মিডিয়াৰ চেনেল আৰু চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কমকৈ কৰালৈ লক্ষ্য কৰি পূৰ্বেই অনুমান কৰা হৈছিল যে তেওঁ দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছে আৰু এই কথা দেশখনে প্ৰকাশ কৰিব বিচৰা নাই।

TMZ–এ প্ৰকাশ কৰা অনুসৰি, আমেৰিকা আৰু চীনৰ একাংশ সংবাদ মাধ্যমে দাবী কৰিছে যে উত্তৰ কোৰিয়াৰ একচত্ৰী শাসনজনৰ মৃত্যু হৈছে বা মৃত্যুশয্যাত পৰি আছে, যাৰ সুস্থ হৈ উঠাৰ কোনো আশা নাই। অৱশ্যে এই প্ৰতিবেদনত নাই কোনো আনুষ্ঠানিক বিবৃতি।

কিমৰ বিষয়ে জাপানৰ এক সংবাদ মাধ্যম আৰু চীন সমৰ্থিত এগৰাকী সাংবাদিকে ভিন্ন ভিন্ন মত প্ৰকাশ কৰিছে। কিমক ১১ এপ্ৰিলৰ পিছত দেশখনৰ কোনো ৰাজহুৱা কাৰসূচীত দেখা যোৱা নাই। ইয়াৰ পিছত তেওঁৰ স্বাস্থ্যক লৈ বিভিন্ন ধৰণৰ খবৰ লাইছে।

কিমক লৈ উত্তৰ কোৰিয়া চৰকাৰৰ ফালৰ পৰা কোনো তথ্য প্ৰকাশ কৰা নাই। কিন্তু দক্ষিণ কোৰিয়াৰ চৰকাৰে কিমৰ স্বাস্থ্য সম্বন্ধীয় ৰিপ’ৰ্ট খাৰিজ কৰিছে।

ইফালে, এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমাৰ হাতত বিশ্বাসযোগ্য তথ্য নাই। ইয়াৰ পূৰ্বে আমেৰিকাৰ সংবাদ মাধ্যমে আমৰিকাৰ বিষয়াৰ উদ্ধৃতি দি কৈছিল যে আমেৰিকাই কিম সম্বন্ধীয় খবৰৰ ওপৰত নজৰ ৰাখিছে।

সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছে শুকুৰবাৰে নিজৰ ৰিপ’ৰ্টত কয় যে চীনে মেডিকেল বিশেষজ্ঞৰ এটা দল নৰ্থ কোৰিয়ালৈ প্ৰেৰণ কৰিছে। এই দলটোৱে কিমৰ স্বাস্থ্যক লৈ উত্তৰ কোৰিয়াত পৰামৰ্শ দিব। অৱশ্যে, ৰয়টাৰ্ছৰ ৰিপ’ৰ্টত কোৱা হৈছে যে চীনৰ পৰা মেডিকেল বিশেষজ্ঞৰ দল প্ৰেৰণৰ ফলত কিমৰ স্বাস্থ্য সম্বন্ধীয় তথ্য জানিব পৰা নাযাব।

নৰ্থ কোৰিয়াত সংবাদ মাধ্যমৰ স্বাধীনতা নাই আৰু ইয়াত চৰকাৰৰ সকলো তথ্য অত্যন্ত গোপনে ৰখা হয়। নৰ্থ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমে এই সমগ্ৰ ঘটনাক লৈ বৰ্তমান সম্পূৰ্ণ নিৰৱতা অৱলম্বন কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading