ষ্টাইলৰ নামত মানুহে কি নকৰে! ৬১ বছৰীয়া ৰোলফ বুখোলজ (Rolf Buchholz) নামৰ লোকগৰাকীয়ে অকল ষ্টাইলেই নহয় ষ্টাইলেৰে লিখিছে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম। জাৰ্মানীত বাস কৰা ৰোলফৰ শৰীৰত মুঠ ৪৫৩টা বিন্ধা আছে (453 metal piercings)। শৰীৰৰ বিভিন্ন অংশত তেওঁ পিয়াৰ্ছিং কৰিছে।
৬১ বছৰীয়া বৃদ্ধজনে শৰীৰত বহুবাৰ পিয়াৰ্চিং কৰিছে। এতিয়া তেওঁ অজস্ৰ পিয়াৰ্ছিঙৰ গৰাকী। এই কাণ্ডৰে তেওঁ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম পঠিয়ায় আৰু পৰীক্ষা-নিৰীক্ষাৰ অন্তত তেওঁ বিশ্বৰ এনে এগৰাকী ব্যক্তি ৰূপে স্বীকৃত হয় যি শৰীৰত আটাইতকৈ বেছি বিন্ধা বা পিয়াৰ্ছিং কৰিছে।
ৰফৰ মতে, শৰীৰৰ বিভিন্ন অংশ বিন্ধোৱাটো তেওঁৰ ডাঙৰ হবী। এই চখৰ বাবেই তেওঁ ইমানবাৰ শৰীৰ বিন্ধাইছে যে এতিয়া ইয়াৰ সংখ্যা ৪৩৩তকৈ অধিক হৈছে। জাৰ্মানীৰ ডৰ্টমুণ্ডত বাস কৰা ৰোলফে পিয়ৰ্ছিৰ লগতে টাটু কৰিবলৈও ভাল পায়। তেওঁৰ শৰীৰৰ ৯০ শতাংশ টাটুৰে ভৰি আছে।
ৰোলফৰ এই কাণ্ডই নেটিজেনসকলৰ বাবে নানা কৌতূহলৰ উদ্ৰেক ঘটাইছিল। ৰোলফে নিজৰ অভিজ্ঞতা তেওঁলোকৰ লগত শ্বেয়াৰ কৰিছিল। ৰোলফৰ মতে, তেওঁ স্বাভাৱিকভাৱে জীৱন যাপন কৰি চলি আহিছে, কোনো অসুবিধা পোৱা নাই। উল্লেখ্য, ৰোলফে দেশখনৰ টেলিকম উদ্যোগত কাম কৰে। এইক্ষেত্ৰত তেওঁ হাতৰ তলুৱাত অকা টেটুটোৱে তেওঁক আটাইতকৈ বেছি আঘাত কৰিছিল বুলি উল্লেখ কৰে। এবাৰ তেওঁক পিয়াৰ্ছিং তথা টাটুৰ বাবে UAEত প্ৰৱেশ কৰাৰ অধিকাৰ দিয়া হোৱা নাছিল। তেওঁক ভুলবশতঃ বিমানবন্দৰত এজন ক'লা যাদুকৰ হিচাপে আটক কৰা হৈছিল।
Published by: Gautam Barman
FIRST PUBLISHED : December 25, 2021, 22:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।