অ’ভেলত ৰোহিত শৰ্মাই ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ অভিলেখ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আটাইতকৈ দ্ৰুততাৰে ২ হাজাৰ ৰান সম্পূৰ্ণ কৰা বেটছমেন হিচাপে পৰিগণিত হ’ল ৰোহিত শৰ্মা।

news18assam
Updated:June 9, 2019, 4:27 PM IST
অ’ভেলত ৰোহিত শৰ্মাই ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ অভিলেখ
CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), quality = 75
news18assam
Updated: June 9, 2019, 4:27 PM IST
অ’ভেলত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে বিশ্বকাপৰ গুৰুত্বপূৰ্ণ খেল। প্ৰথমে টছত জিকি বেটিং কৰাৰ সিদ্ধান্ত লৈছে টীম ইণ্ডিয়াই। এই খেলতে ৰোহিত শৰ্মাই গঢ়িলে আন এক অভিলেখ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আটাইতকৈ দ্ৰুততাৰে ২ হাজাৰ ৰান সম্পূৰ্ণ কৰা বেটছমেন হিচাপে পৰিগণিত হ’ল ৰোহিত শৰ্মা। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩৭টা ইনিংছত ৰোহিত শৰ্মাই সম্পূৰ্ণ কৰে ২০০০ ৰান। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নামত। শচীনে ৪০টা ইনিংছত সংগ্ৰহ কৰিছিল ২০০০ ৰান।
আৰু চাওক পৰৱৰ্তী বাতৰি