IND vs ENG:ভাৰতৰ পৰাজয়ৰ পিছতো ৰোহিত শৰ্মাই গঢ়িলে অভিলেখ!

২০১৯ৰ বিশ্বকাপত তিনিটাকৈ শতক অৰ্জন কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ল ৰোহিত শৰ্মা।

News18-Assam
Updated:July 1, 2019, 11:16 AM IST
IND vs ENG:ভাৰতৰ পৰাজয়ৰ পিছতো ৰোহিত শৰ্মাই গঢ়িলে অভিলেখ!
২০১৯ৰ বিশ্বকাপত তিনিটাকৈ শতক অৰ্জন কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ল ৰোহিত শৰ্মা।
News18-Assam
Updated: July 1, 2019, 11:16 AM IST
দেওবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা বিশ্বকাপৰ হাই ভল্টেজ মেচ খনত ভাৰতে পৰাজয় বৰণ কৰিলেও  ৰোহিত শৰ্মাই গঢ়িলে এক অভিলেখ। কালি ইংলেণ্ডৰ বিৰুদ্ধে শতৰাণ সংগ্ৰহ কৰাৰ পিছত চলিত বিশ্বকাপত তিনিটাকৈ শতক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা। সেইদৰে বিশ্বকাপ ক্ৰিকেটত তিনিটা শতক অৰ্জন কৰা ৰোহিত হৈছে পঞ্চমগৰাকী বেটছমেন।দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ১০২ সংগ্ৰহ কৰি এই অভিলেখ গঢ়ে ৰোহিতে।



দেওবাৰে অনুষ্ঠিত হোৱা বিশ্বকাপৰ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ৰোমাঞ্চকৰ মেচত জয়লাভ কৰিলে ইংলেণ্ডে। শেষ মুহূৰ্তলৈকে যুঁজিও অৱশেষত থমকি ৰয় ভাৰত। ইংলেণ্ডে বান্ধি দিয়া ৩৩৮ ৰানৰ লক্ষ্য আগত ৰাখি ইনিংছ আৰম্ভ কৰা ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ৩০৫ ৰানতে সমাপ্ত হয় ভাৰতৰ ইনিংছ।
আৰু চাওক পৰৱৰ্তী বাতৰি