ৰোহিত শৰ্মাই আজি ভংগ কৰিব পাৰে গেইলৰ অভিলেখ

ৰোহিতৰ হাতত গেইলৰ অভিলেখ ভংগ কৰাৰ সুবৰ্ণ সুযোগ এইবাবেই আছে কাৰণ তিনিখনীয়া এই টি–২০ ছিৰিজত নেখেলে গেইলে।

News18-Assam
Updated:August 3, 2019, 12:22 PM IST
ৰোহিত শৰ্মাই আজি ভংগ কৰিব পাৰে গেইলৰ অভিলেখ
ৰোহিতৰ হাতত গেইলৰ অভিলেখ ভংগ কৰাৰ সুবৰ্ণ সুযোগ এইবাবেই আছে কাৰণ তিনিখনীয়া এই টি–২০ ছিৰিজত নেখেলে গেইলে।
News18-Assam
Updated: August 3, 2019, 12:22 PM IST
ভাৰতৰ বিস্ফোৰক বেটছমেন ৰোহিত শৰ্মাই আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি–২০ ছিৰিজত গঢ়িব পাৰে অনন্য অভিলেখ। ৰোহিত শৰ্মাই পিছ পেলাব পাৰে ৱেষ্ট ইণ্ডিজৰ বিধ্বংসী বেটছমেন ক্ৰিছ গেইলক। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আজি খেলিবলগীয়া টি–২০ ছিৰিজৰ প্ৰথমখন খেলত চাৰিটা ছয় কোবাই তেন্তে তেওঁ টি–২০ত সৰ্বাধিক ছয় কোবোৱা ক্ৰিছ গেইলৰ অভিলেখ ভংগ কৰিব। ৰোহিত শৰ্মাৰ নামত ৯৪খন টি–২০ মেচত ১০২টা ছয় আছে, তাৰ বিপৰীতে গেইলৰ নামত আছে ৫৮খন মেচত ১০৫টা ছয়ৰ অভিলেখ। অৰ্থাৎ আৰু চাৰিটা ছয় কোবালেই ৰোহিতে ভংগ কৰিব গেইলৰ অভিলেখ।

এই তালিকাত গেইলৰ পিছত দ্বিতীয় স্থানত আছে নিউজীলেণ্ডৰ মাৰ্টিন গুপ্তিল। গুপ্তিলে ৭৬খন মেচত ১০৩টা ছয় কোবাইছে। ৰোহিতৰ হাতত গেইলৰ অভিলেখ ভংগ কৰাৰ সুবৰ্ণ সুযোগ এইবাবেই আছে কাৰণ তিনিখনীয়া এই টি–২০ ছিৰিজত নেখেলে গেইলে। ভাৰতৰ বিৰুদ্ধে এদিনীয়াতহে অংশ ল’ব গেইলে।



ৰোহিত শৰ্মা টি–২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ। তেওঁ চাৰিটা শতক আৰু ১৬টা অৰ্ধ শতকেৰে এইপৰ্যন্ত সংগ্ৰহ কৰিছে ২৩৩১ ৰান। ৰোহিত শৰ্মাই বিশ্বকাপৰ ধাৰা অব্যাহত ৰখাৰ চেষ্টা চলাব,য’ত ৫টা শতকেৰে অভিলেখৰ সৃষ্টি কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি