মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »French Open : ফ্ৰেন্স অপেনত ইটোৰ পিছত সিটো অঘটন। এইবাৰ মাজ বাটতে ফ্ৰেন্স অপেন এৰিলে ৰ'জাৰ ফেডেৰাৰে।

French Open : ফ্ৰেন্স অপেনত ইটোৰ পিছত সিটো অঘটন। এইবাৰ মাজ বাটতে ফ্ৰেন্স অপেন এৰিলে ৰ'জাৰ ফেডেৰাৰে।

উইম্বল্ডনৰ প্ৰস্তুতিৰ বাবেই এৰিলে ফ্ৰেন্স অপেন (FRENCH OPEN 2021)।  উইম্বল্ডন (Wimbledon)ক লৈ কোনো ৰিস্ক ল'ব বিচৰা নাই ফেডেৰাৰে।

উইম্বল্ডনৰ প্ৰস্তুতিৰ বাবেই এৰিলে ফ্ৰেন্স অপেন (FRENCH OPEN 2021)। উইম্বল্ডন (Wimbledon)ক লৈ কোনো ৰিস্ক ল'ব বিচৰা নাই ফেডেৰাৰে।

  • Share this:
এইবাৰ ফ্ৰেন্স অপেন (FRENCH OPEN 2021)ত ইটোৰ পিছত সিটো অঘটনে গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাখনৰ সৌন্দৰ্য্য ম্লান কৰি পেলাইছে। আজি ৰ'জাৰ ফেডেৰাৰ(Roger Federer)এও প্ৰতিযোগিতাৰ পৰা আতৰি যোৱাৰ পিছত ফ্ৰেন্স অপেনৰ আকৰ্ষণেই কমি গৈছে যদিও ৰাফেল নাডাল আৰু নোভাক যোকোভিচ এতিয়াও আছে।

মিডিয়া বিতৰ্কৰ পাছত বিশ্বৰ দ্বিতীয় ৰেংকৰ খেলুৱৈ নাওমি অ'ছাকাৰ নাম প্ৰত্যাহাৰ, মেচ ফিক্সিঙৰ অভিযোগত ৰাছিয়াৰ সুন্দৰী তাৰকা য়ানা ছিঝিকোভাৰ গ্ৰেপ্তাৰৰ পিছত এইবাৰ মাজবাটতে প্ৰতিযোগিতা ত্যাগ কৰিলে ছুইছ তাৰকা ৰ'জাৰ ফেডেৰাৰে। অৱশ্যে কোনো বিতৰ্কিত কাৰণত নাম প্ৰত্যাহাৰ কৰা নাই ৰ'জাৰ ফেডেৰাৰে।

গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাখনৰ চতুৰ্থ ৰাউণ্ডত উপনীত হৈছিল ৰ'জাৰ ফেডেৰাৰ। কিন্তু সন্মুখত থকা উইম্বল্ডন (Wimbledon) প্ৰতিযোগিতাৰ সপোনে ফেডেৰাৰক আমনি কৰি আছিল। উইম্বল্ডনৰ গ্ৰাছ ক'ৰ্টত সদায়েই অপ্ৰতিৰোধ্য ফেডেৰাৰ। সেয়ে টেনিছ বিশ্বৰ শ্ৰেষ্ঠ প্ৰতিযোগিতাখনক লৈ কোনো ৰিস্ক ল'ব বিচৰা নাই ফেডেৰাৰে। সেয়ে ফ্ৰেন্স অপেন অধিক কষ্টকৰ হৈ উঠাৰ পূৰ্বেই বিদায় ল'লে ফেডেৰাৰে। এই কথা ফেডেৰাৰে নিজেই ক'লে।

উল্লেখ্য যে আঁঠুৰ দুটাকৈ ছাৰ্জাৰীৰ পাছত প্ৰায় এবছৰ ক'ৰ্টৰ পৰা আতৰি আছিল ফেডেৰাৰ।

শেহতীয়া বাতৰি