মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »ইজৰাইলৰ ভয়ত ত্ৰস্তমান মধ্যপ্ৰাচ্যৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন, লেবাননৰ ৰকেট নিক্ষেপৰ পিছতে আক্ৰমণাত্মক হৈ পৰিছে ইজৰাইলী সেনা

ইজৰাইলৰ ভয়ত ত্ৰস্তমান মধ্যপ্ৰাচ্যৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন, লেবাননৰ ৰকেট নিক্ষেপৰ পিছতে আক্ৰমণাত্মক হৈ পৰিছে ইজৰাইলী সেনা

হিজবুল আৰু হামাছৰ ঘাটিত অহৰ্নিশে চলিছে আক্ৰমণ

হিজবুল আৰু হামাছৰ ঘাটিত অহৰ্নিশে চলিছে আক্ৰমণ

  • Share this:
বুধবাৰে লেবাননৰ ফালৰ পৰা ইজৰাইললৈ দুটাকৈ ৰকেট নিক্ষেপৰ পিছতে ইজৰাইল-লেবানন সীমান্তত ইজৰাইলে সেনাৰ সঞ্চালন বৃদ্ধি কৰিছে। ইজৰাইলী সেনাৰ মতে, লেবাননৰ পৰা নিক্ষেপ কৰা ৰকেট ইজৰাইলৰ কিৰায়ট চ'মনাৰ এখন মুকলি পথাৰত পৰে আৰু ইয়াৰ ফলত কোনো লোক হতাহত হোৱা নাই। ইজৰাইলী সেনাই এই আক্ৰমণৰ অন্তৰালত লেবাননত থকা ইছলামীক সন্ত্ৰাসবাদী সংগঠন হিজবুল অথবা লেবাননত আশ্ৰয় লৈ থকা পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছ জড়িত আছে বুলি সন্দেহ কৰিছে।

ইজৰাইলে লেবাননত থকা ইছলামিক সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাৰ ওপৰত লেবানন চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই বুলিও স্পষ্ট কৰিছে। এই ঘটনাৰ পিছতে ইজৰাইলী সেনাৰ আৰ্টিলেৰী বাহিনীক লেবানন সীমান্তলৈ প্ৰেৰণ কৰা হৈছে। ইজৰাইলী বায়ু সেনাইয়ো পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ বহু ঘাটিত তীব্ৰ আক্ৰমণ অব্যাহত ৰাখিছে।

ইয়াৰ পূৰ্বেও হামাছে ইজৰাইললৈ লক্ষ্য কৰি বহু ৰকেট নিক্ষেপ কৰিছিল যদিও ইজৰাইলী সেনাৰ বিশ্ববিখ্যাত প্ৰতিৰক্ষা ব্যৱস্থা এণ্টি মিছাইল চিছটেম আইৰণ ড'মৰ সন্মুখত সেয়া সম্পূৰ্ণৰূপে ধ্বংস হয়। ইয়াৰ পিছতে ইজৰাইলে হামাছলৈ লক্ষ্য কৰি ২৫৫০টা ৰকেট নিক্ষেপ কৰি হামাছৰ বহু ঘাটি ধ্বংস কৰিছিল। কিন্তু এইবাৰ লেবাননৰ ফালৰ পৰাও ৰকেট নিক্ষেপ কৰাৰ পিছত ইজৰাইলৰ টাৰ্গেট হৈ পৰিছে লেবাননৰ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লা।

ইতিমধ্যেই হিজবুল্লাক নিঃ শেষ কৰাৰ হুংকাৰ দিছে ইজৰাইলী সেনাই। উল্লেখযোগ্য যে, ২০০৬ চনতো হিজবুল্লাই ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছিল। সেইসময়তো ইজৰাইলী সেনাৰ প্ৰত্যাক্ৰমণত ছেদেলী-ভেদেলী হৈ পৰিছিল হিজবুল্লাৰ গেৰিলা। ১৫বছৰৰ পিছত পুনৰ হিজবুল্লাক নিঃশেষ কৰাৰ হুংকাৰ ইজৰাইলে প্ৰদান কৰাৰ পিছতে শংকিত হৈ পৰিছে মধ্যপ্ৰাচ্যৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন সমূহ। কাৰণ লেবাননস্থিত হিজবুল্লা সমগ্ৰ মধ্যপ্ৰাচ্যৰে দুধৰ্ষ ইছলামিক সন্ত্ৰাসবাদী সংগঠন হিচাপে পৰিচিত।

শেহতীয়া বাতৰি