২০৩০ ৰ ভিতৰত মানুহৰ সলনি ৰবটে কৰিব কাৰখানাত চাকৰি!
News18-Assam Updated:June 27, 2019, 3:04 PM IST

Oxford Economics ৰ পৰ্যালোচনা অনুসৰি পৃথিৱীৰ প্ৰায় ২০ মিলিয়ন চাকৰিত মানুহৰ সলনি নিয়োজিত হ’ব ৰবট
Oxford Economics ৰ পৰ্যালোচনা অনুসৰি পৃথিৱীৰ প্ৰায় ২০ মিলিয়ন চাকৰিত মানুহৰ সলনি নিয়োজিত হ’ব ৰবট
- News18 Assam
- Last Updated: June 27, 2019, 3:04 PM IST
সেইসময়তে Oxford Economics ৰ শেহতীয়া প্ৰতিবেদনে দিছে আশ্বৰ্যকৰ তথ্য। কামৰ গতি খৰতকীয়া আৰু নিখুঁট কৰাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে প্ৰায় ২০ মিলিয়ন চাকৰিত নিয়েজিত হ’ব ৰবট।তথ্য অনুসৰি ২০৩০ চনৰ ভিতৰত চীনদেশত মানুহৰ পৰিৱৰ্তে সৰ্বাধিক ১৪ মিলিয়ন ৰবট নিয়োজিত হ’ব কাৰখানাত।
উল্লেখযোগ্য যে প্ৰতিষ্ঠান সমূহত নিয়োজিত কৰ্মচাৰীসকল এতিয়া চাকৰিৰ পৰা বিতাড়িত হ’ব বুলি অনুমান কৰা হৈছে। কামৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত ল’ব বিচাৰিছে বিশ্বৰ বহুকেইখন আগশাৰীৰৰ দেশে। ব্ৰিটেইনতো বহু হাজাৰ চাকৰিত নিয়োগ কৰা হ’ব ৰবটক। এনেদৰেই দেশত তথ্য-প্ৰযুক্তিৰ ক্ৰমাত্ উন্নতিৰ লগে লগেই জাপান, আমেৰিকা,চীন আদিৰ দেশসমূহৰ দৰে ভাৰততো বৃদ্ধি পাবলৈ ধৰিছে মানৱসৃষ্ট ৰবটৰ ব্যৱহাৰ।