মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»বাংলাদেশৰ সাম্প্ৰদায়িক নেতা ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ, ২৬ মাৰ্চত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটাইছিল ৰিজৱানে

বাংলাদেশৰ সাম্প্ৰদায়িক নেতা ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ, ২৬ মাৰ্চত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটাইছিল ৰিজৱানে

News18 Assam | News18-Assam
Updated:September 20, 2021, 9:17 AM IST
বাংলাদেশৰ সাম্প্ৰদায়িক নেতা ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ, ২৬ মাৰ্চত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটাইছিল ৰিজৱানে
ৰিজৱানক শনিবাৰে নিশা এক অজ্ঞাত স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাৰ লগে লগে তেওঁক সোধা-পোছাৰ বাবে গঠন কৰা এটা বিশেষ দলৰ হাতত গতাই দিয়া হয়।

ৰিজৱানক শনিবাৰে নিশা এক অজ্ঞাত স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাৰ লগে লগে তেওঁক সোধা-পোছাৰ বাবে গঠন কৰা এটা বিশেষ দলৰ হাতত গতাই দিয়া হয়।

  • News18 Assam
  • Last Updated: September 20, 2021, 9:17 AM IST
  • Share this:
বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰে উগ্ৰপন্থী সংগঠন হিফাজত-ই-ইছলামৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে। কট্টৰপন্থী সংগঠনটো জ্যেষ্ঠ নেতা ৰিজৱান ৰফিকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে, এইগৰাকী নেতা ৰিজৱানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্চ মাহত হোৱা বাংলাদেশ ভ্ৰমণৰ বিৰোধিতা কৰিছিল। ৰিজৱানে কেৱল এই ভ্ৰমণৰ বিৰোধিতা কৰাই নহয়, সাম্প্ৰদায়িক উচতনি দি বহুতো হিন্দু ধৰ্মালম্বীৰ ঘৰ অগ্নিসংযোগ কৰাইছিল। এই ঘটনাৰ বিষয়ে বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যমত চৰ্চিত হৈছিল আৰু তেতিয়াৰ পৰা এই মৌলবাদীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে শ্বেখ হাছিনা চৰকাৰক ভাৰতে অনুৰোধ কৰিছিল।

ঢাকা ট্ৰিবিউন বাতৰি কাকতৰ সৈতে বাৰ্তালাপত অতিৰিক্ত উপায়ুক্ত ইফতেখাৰ উল ইছলামে কয়, "আমি এই দেশত ঘৃণা আৰু বিচ্ছিন্নতাবাদৰ দৰে কাৰ্যকলাপ বিচৰা শক্তিসমূহক কোনো কাৰণতে এৰি নিদিও। আমাৰ বিশেষ দলে হিফাজত-ই-ইছলামৰ নেতা ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ কৰিছে। তেওঁক এটা বিশেষ দলে জেৰা চলাব। আমি ৰফিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম।"

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰিজৱানক শনিবাৰে নিশা এক অজ্ঞাত স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাৰ লগে লগে তেওঁক সোধা-পোছাৰ বাবে গঠন কৰা এটা বিশেষ দলৰ হাতত গতাই দিয়া হয়। অৱশ্যে ৰিজৱানৰ লগত কোনো আন নেতাক গ্ৰেপ্তাৰৰ বিষয়ে আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই। তেওঁক কোন ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল সেই বিষয়েও আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰিজৱানে গোপনে ছচিয়েল মিডিয়াত সাম্প্ৰদায়িক বিবৃতি দিছিল।  তেওঁ কাৰাগাৰত থকা কেইজনমান বিচ্ছিন্নতাবাদী নেতা আৰু কৰ্মীক মুক্তি দিয়াৰ লগতে  চৰকাৰক ভয়াৱহ পৰিণামৰ সন্মুখীন হোৱাৰ ভাবুকিও প্ৰদান কৰিছিল। বাংলাদেশৰ গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে স্পষ্ট কৰি দিছিল যে কোনো মৌলবাদী নেতা সাৰি যাব নোৱাৰে আৰু এনে লোকসকলক গ্ৰেপ্তাৰ কৰাৰ পিছত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰক্ষীৰ সূত্ৰ অনুসৰি, আৰক্ষীয়ে ৰিজৱানৰ বিৰুদ্ধে এক শক্তিশালী গোচৰ প্ৰস্তুত কৰিছে আৰু তেওঁক কোনো পৰিস্থিতিত জামিনত মুকলি হোৱাৰ সম্ভাৱনা নাই।
Published by: Sanjay Kumar Das
First published: September 20, 2021, 9:17 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি