সমুদ্ৰৰ বৰ্ধিত জলস্তৰে বাংলাদেশৰ মহিলাক বাধ্য কৰাইছে যৌনকৰ্মী হ'বলৈ। এই কথা শুনি আপুনি আচৰিত হ'ব পাৰে, কিন্তু আচহুৱা যেন লগা কথাটো প্ৰকাশ কৰা হৈছে এটা সমীক্ষাৰ ভিত্তিত। সংবাদ সংস্থা স্কাই নিউজে ছমাহ ধৰি বাংলাদেশৰ সাগৰীয় অঞ্চলত কৰা সমীক্ষাত জানিব পাৰিছিল যে দেশখনৰ দক্ষিণ–পশ্চিম সাগৰীয় তীৰ অঞ্চলৰ মহিলাসকলে এনে কামত নিয়োজিত হোৱাৰ বাবে বাধ্য হৈ পৰিছে।
স্কাই নিউজে উল্লেখ কৰা মতে, উক্ত অঞ্চলত যিবোৰ বেশ্যালয় আছে, তাত মহিলাসকলক ছোৱালী বুলি উল্লেখ কৰা হয় আৰু বাস কৰা ঘৰবোৰ কামৰহে ঠাই জিৰণিৰ নহয়। তালৈ যোৱা সাংবাদিকসকলৰ আগত পাৰবিন নামৰ এগৰাকী মহিলাই উল্লেখ কৰা মতে, সমুদ্ৰৰ জলস্তৰ তথা গৰাখহনীয়া আৰু চক্ৰবত ধুমুহাই তেওঁৰ পৰিয়ালৰ খেতিমাটি আৰু ঘৰ ধ্বংস কৰি পেলায়। এনে অৱস্থাত ১৫ বছৰীয়া কিশোৰী পাৰবিনে কাম বিচাৰি যাওঁতে দেহ ব্যৱসায়ীৰ চক্ৰত সোমাই পৰে।
উক্ত ঠাইতে আছে বনিসন্তা নামৰ এক বেশ্যালয়, য'ত প্ৰায় ১০০গৰাকী মহিলাই কাম কৰে। ইয়াত এনে বহু মহিলা আছে, যি সাগৰীয় জলস্তৰ বৃদ্ধিৰ বাবে ঘৰ–মাটি ধ্বংস হোৱাত উপায়হীন হৈ মানৱ সৰবৰাহকাৰীৰ ফান্দত পৰে। জীৱিকাৰ বিকল্প পথো তেওঁলোকৰ বাবে ৰুদ্ধ হৈ যোৱাত এনেদৰে যৌন কৰ্মী ৰূপে জীয়াই থাকিব লগা হয়।
বনিসন্তাৰ বেশ্যালয়ৰ প্ৰমুখ ৰাজিয়া বেগমে সাংবাদিকৰ আগত উল্লেখ কৰে যে এতিয়া বনিসন্তালৈও সাগৰে আনিছে ভাবুকি। প্ৰতিদিনে গৰাখহনীয়াৰ শংকাত আছে ঠাইখন। সাধাৰণ সাগৰীয় বতাহৰ বাবে ঘৰৰ মজিয়া চুৱে পানীয়ে। এনে অৱস্থাত ওচৰৰ গাঁওলৈও যোৱাটো অসুবিধা, কাৰণ তাতো ভূমি নাই আৰু নাই জীৱিকাৰ উপায়। আনহাতে বনিসন্তাত বন্দৰগাহলৈ যোৱা নাৱৰ বাবে হোৱা উপাৰ্জনৰ পথো তেতিয়া ৰুদ্ধ হোৱাৰ দিশে গতি কৰিব।
উল্লেখ্য, জলবায়ু পৰিবৰ্তনৰ ফলত বৃদ্ধি পোৱা সাগৰীয় জলস্তৰে এসময়ত গোটেই বাংলাদেশকে গ্ৰাস কৰিব বুলি পৰিৱেশ বিশেষজ্ঞসকলে সকীয়নি দি আহিছে, যাৰ সৰু সৰু উদাহৰণ এনে কথাৰ মাজেৰে প্ৰতীয়মাণ হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|