• Home
  • »
  • News
  • »
  • world
  • »
  • Rishi Sunak Vs Liz Truss: ব্ৰিটিছ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে ভাৰতীয় মূলৰ ঋষি সুনক, কিমান মসৃণ ঋষিৰ পথ, সন্মুখত লিজ ট্ৰাছৰ প্ৰত্যাহ্বান

Rishi Sunak Vs Liz Truss: ব্ৰিটিছ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে ভাৰতীয় মূলৰ ঋষি সুনক, কিমান মসৃণ ঋষিৰ পথ, সন্মুখত লিজ ট্ৰাছৰ প্ৰত্যাহ্বান

Rishi Sunak Vs Liz Truss: ৫ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব বিজয়ীগৰাকীৰ নাম আৰু স্বয়ংক্ৰিয়ভাৱে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ'ব তেওঁ।

Rishi Sunak Vs Liz Truss: ৫ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব বিজয়ীগৰাকীৰ নাম আৰু স্বয়ংক্ৰিয়ভাৱে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ'ব তেওঁ।

Rishi Sunak Vs Liz Truss: ৫ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব বিজয়ীগৰাকীৰ নাম আৰু স্বয়ংক্ৰিয়ভাৱে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ'ব তেওঁ।

  • Share this:
কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা তথা ব্ৰিটিছ প্ৰধানমন্ত্ৰী (British Prime Minister) পদৰ দৌৰত চূড়ান্ত পৰ্যায়ত উপনীত হোৱা প্ৰাৰ্থী দুজন হ’ল ঋষি সুনক (Rishi Sunak) আৰু লিজ ট্ৰাছ (Liz Truss)। বুধবাৰে প্ৰতিদ্বন্দ্বী পেনি মৰ্ডাউণ্ট এই  প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।

প্ৰথমে এঘাৰজন প্ৰাৰ্থীয়ে নিজৰ নাম আগবঢ়াইছিল যদিও কনজাৰ্ভেটিভ (Conservative Party) সাংসদসকলৰ পঞ্চম আৰু চূড়ান্ত বেলটত ছুনাকে ১৩৭টা ভোট লাভ কৰি শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে লিজ ট্ৰাছে ১১৩টা ভোট লাভ কৰে। জুনিয়ৰ বাণিজ্য মন্ত্ৰী পেনি মৰ্ডাউণ্টে ১০৫টা ভোট লাভ কৰি দৌৰৰ পৰা বাহিৰ হয়।

ফলাফলৰ কিছু সময়ৰ পিছতে ট্ৰাছে তেওঁৰ সমৰ্থকসকলক ধন্যবাদ জনাই কয়, ‘মই প্ৰথম দিনাৰ পৰাই কৰ্ম ক্ষেত্ৰত নামিবলৈ সাজু হৈছোঁ।‘ আনহাতে ঋষি সুনকেও নিজৰ টুইটত কয়, ‘দেশজুৰি আমাৰ বাৰ্তা প্ৰেৰণৰ বাবে মই ৰাতি-দিন কাম কৰিম।‘



১ লাখ ৮০ হাজাৰ কনজাৰ্ভেটিভ সদস্যৰ বেলটত সুনক বা লিজ ট্ৰাছক দলটোৰ নতুন নেতা হিচাপে নিৰ্বাচিত কৰা হ’ব। ৫ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব বিজয়ীগৰাকীৰ নাম আৰু স্বয়ংক্ৰিয়ভাৱে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ'ব তেওঁ। ইয়াৰ পিছতে ১০ ডাউনিং ষ্ট্ৰীট (10 Downing Street)ত নতুন প্ৰধানমন্ত্ৰীগৰাকীয়ে ৭ ছেপ্টেম্বৰত হাউছ অৱ কমনছত তেওঁৰ প্রথম প্রধানমন্ত্রীৰ প্রশ্ন (Prime Minister’s Questions (PMQs) সম্বোধন কৰিব৷
Published by:Manjumoni Borah
First published: