আকৌ উজলি উঠিছে ৰীমা দাস, চীনৰ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ল ৰীমা দাস পৰিচালিত ‘Neighbors’

ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে বৰনদী ভটীয়াই ছবিখনৰ ‘মৌকণ’ খ্যাত দৰথী ভৰদ্বাজে

News18-Assam
Updated:October 18, 2019, 9:26 PM IST
আকৌ উজলি উঠিছে ৰীমা দাস, চীনৰ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ল ৰীমা দাস পৰিচালিত ‘Neighbors’
ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে বৰনদী ভটীয়াই ছবিখনৰ ‘মৌকণ’ খ্যাত দৰথী ভৰদ্বাজে
News18-Assam
Updated: October 18, 2019, 9:26 PM IST
দুবাৰকৈ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা বিজয়ী পৰিচালক ৰীমা দাস আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে। চীনৰ ‘Pingyao’ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোত্‍সৱত প্ৰদৰ্শিত হ’ল ৰীমা দাস পৰিচালিত ভাৰতীয় চুটি ছবি ‘Neighbors’। ছবিখন প্ৰদৰ্শিত হোৱাৰ পিছত চলচিত্ৰ মহোত্‍সৱটোত উপস্থিত থকা চিত্ৰ সমালোচক আৰু দৰ্শকে উচ্চ প্ৰশংসা কৰে ছবিখনৰ।



ব্ৰাজিল, ৰাছিয়া, ভাৰত, দক্ষিণ আফ্ৰিকা আৰু চীন(BRICS)ৰ ‘For Each Other’  সংকলনৰ অন্যতম ছবি হ’ল ভাৰতীয় চুটি ছবি ‘Neighbors’।



ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰা ছবিখন পৰিচালনাৰ দায়িত্ব ৰীমা দাসে লাভ কৰাৰ পিছত ছবিখন কিছু পৰিমাণে অসমৰ পটভূমিত নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল বিশিষ্ট চলচিত্ৰ পৰিচালকগৰাকীয়ে। ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে বৰনদী ভটীয়াই ছবিখনৰ ‘মৌকণ’ খ্যাত দৰথী ভৰদ্বাজে। যোৱা ১৭ অক্টোবৰত প্ৰদৰ্শিত হয় ছবিখন।
আৰু চাওক পৰৱৰ্তী বাতৰি