নগ্ন শৰীৰ, ডিঙিত গণেশৰ লকেট! আকৌ বিতৰ্কৰ মাজত ৰিহানা

News18 Assam | News18-Assam
Updated:February 16, 2021, 9:40 PM IST
নগ্ন শৰীৰ, ডিঙিত গণেশৰ লকেট! আকৌ বিতৰ্কৰ মাজত ৰিহানা
সম্প্ৰতি ৰিহানাই নিজৰ ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত ৰিহানাৰ নাই সৰ্বশৰীৰত পোছাক। হাতেৰে ঢাকি কৰিছে লজ্জা নিবাৰণ। কিন্তু ডিঙিত পিন্ধিছে গণেশৰ লকেট। এই ফটো ভাইৰেল হোৱাৰ পিছতে আৰম্ভ হৈছে বিতৰ্ক।

সম্প্ৰতি ৰিহানাই নিজৰ ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত ৰিহানাৰ নাই সৰ্বশৰীৰত পোছাক। হাতেৰে ঢাকি কৰিছে লজ্জা নিবাৰণ। কিন্তু ডিঙিত পিন্ধিছে গণেশৰ লকেট। এই ফটো ভাইৰেল হোৱাৰ পিছতে আৰম্ভ হৈছে বিতৰ্ক।

  • Share this:
কৃষক আন্দোলনৰ সন্দৰ্ভত মুখ খুলি বিতৰ্কৰ সৃষ্টি কৰিছিল পপ তাৰকা ৰিহানাই। টুইট কৰি কৈছিল- কৃষক আন্দোলনকলৈ ভাৰতীয়সকল কিয় মনে মনে আছে? এই টুইটৰ পিছতে প্ৰশ্ন কৰিছিল অভিনেত্ৰী কংগনা ৰানাৱটে। তেওঁ কৈছিল যে, কিয় দেশৰ বাহিৰৰ মানুহে আমাৰ আভ্যন্তৰীণ কথাত মাত মাতিছে? সেই সময়ত টুইটাৰৰ জৰিয়তে দেশৰ বাহিৰৰ মানুহে এনেদৰে কৃষক আন্দোলনৰ সন্দৰ্ভত মন্তব্য দিয়াত ক্ষোভ প্ৰকাশ কৰিছিল শচিন টেণ্ডুলকাৰ, লতা মংগেশকাৰ, অক্ষয় কুমাৰ, বিৰাট কোহলীয়ে। আৰু তাৰ পিছতে আৰম্ভ হয় বিৰাট তৰ্ক বিতৰ্ক।








View this post on Instagram






A post shared by badgalriri (@badgalriri)






কিন্তু এতিয়া আকৌ বিতৰ্কৰ মাজত সোমাই পৰিছে ৰিহানা। সম্প্ৰতি ৰিহানাই নিজৰ ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত ৰিহানাৰ নাই সৰ্বশৰীৰত পোছাক। হাতেৰে ঢাকি কৰিছে লজ্জা নিবাৰণ। কিন্তু ডিঙিত পিন্ধিছে গণেশৰ লকেট। এই ফটো ভাইৰেল হোৱাৰ পিছতে আৰম্ভ হৈছে বিতৰ্ক।



কিয় ৰিহানাই ডিঙিত গণেশৰ লকেট পৰিধান কৰিছে, সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে। এনেদৰে নগ্ন অৱস্থাত ভাৰতীয় দেৱতা গণেশৰ লকেট পৰিধান কৰি কিয় ফটোশ্বুট কৰিছে বুলিও তুলিছে প্ৰশ্ন। কিন্তু এই প্ৰসংগত এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য কৰা ানই ৰিহানাই।
Published by: Himangshu Bhuyan
First published: February 16, 2021, 9:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি