পৃথিৱীৰ আটাইতকৈ সৰু ‘আইতা’ হোৱাৰ অভিলেখ! ২৩ বছৰীয়া আইতাৰ নাতিৰো ঠিক হ’ল বিয়া

News18 Assam | News18-Assam
Updated:February 27, 2020, 11:42 AM IST
পৃথিৱীৰ আটাইতকৈ সৰু ‘আইতা’ হোৱাৰ অভিলেখ! ২৩ বছৰীয়া আইতাৰ নাতিৰো ঠিক হ’ল বিয়া
আচৰিত কিন্তু সঁচা, ২৩ বছৰতে আইতা হ’ল এগৰাকী যুৱতী

আচৰিত কিন্তু সঁচা, ২৩ বছৰতে আইতা হ’ল এগৰাকী যুৱতী

  • News18 Assam
  • Last Updated: February 27, 2020, 11:42 AM IST
  • Share this:
আচৰিত কিন্তু সঁচা। ২৩ বছৰতে আইতা হ’ল এগৰাকী যুৱতী। যুৱতীগৰাকীৰ নাম ৰিফকা। সমাজৰ পৰম্পৰা অনুসৰি মাত্ৰ ১১ বছৰ বয়সতে বিয়াত বহিছিল ৰিফকা। বিয়াৰ এবছৰৰ পিছতে জন্ম দিছিল এটি কন্যা সন্তান।

কন্যাৰ ১০ বছৰ বসয়তে আকৌ আহিল পৰম্পৰাৰ কথা। কিন্তু ইমান সৰুতেই জীয়ৰীক বিয়া দিয়াৰ ইচ্ছা নাছিল ৰিফকাৰ। কিন্তু পৰম্পৰাৰ দোহাই দি বিয়া দিবলৈ বাধ্য হয় ৰিফকা। এই পৰম্পৰা ৰোমানিয়াৰ। ৰোমানিয়াৰ এক বিশেষ অঞ্চলত কম বয়সতে বিয়া কৰোৱাৰ এক পৰম্পৰা চলি আহিছে।



১১ বছৰ বয়সত ৰিফকাৰ জীয়ৰীয়েও জন্ম দিয়ে এটি সন্তান। ফলস্বৰূপে ৰিফকাই গঢ়ে কম বয়সতে আইতা হোৱাৰ এক অভিলেখ।

পৃথিৱীৰ আটাইতকৈ কম বয়সীয়া ‘আইতা’ হোৱাৰ অভিলেখ গঢ়া ৰিফকাৰ নাতিৰো মাত্ৰ ৮ বছৰ বয়সতে ঠিক হ’ল বিয়া।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading