আজি পুনৰ টীম ইণ্ডিয়াৰ বাবে এক মৰণপন যুঁজ। ছেমি ফাইনেলত উপনীত হোৱাৰ আশা জীয়াই ৰাখিবলৈ ভাৰতে আজি স্কটলেণ্ডক (India Vs Scotland) পৰাস্ত কৰিব লাগিব। আজিৰ পৰাজয়ৰ অৰ্থ হ'ব প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পোনপটীয়া পথ। যদি আপুনি ৰেকৰ্ড, অভিজ্ঞতা আৰু বৰ্তমানৰ ফৰ্মটো লক্ষ্য কৰে, টীম ইণ্ডিয়াই স্কটলেণ্ডক পৰাস্ত কৰাত বেছি সমস্যা হোৱা উচিত নহয়, কিন্তু মনত ৰাখিব যে এয়া টি-20। ইয়াত যিকোনো সময়তে ঘূৰি যায় খেল। যি কি নহওক, বুধবাৰে স্কটলেণ্ডৰ দলটোৱে নিউজিলেণ্ডৰ ঘাম উলিয়াইছিল। কিন্তু আজিৰ খেলখনত বৰষুণৰ আশংকা কি? ডুবাইৰ বতৰৰ বতৰা কি ?
একুৱেদাৰৰ মতে, ডুবাইত আজি সন্ধিয়া এক মনোৰম বতৰ থাকিব। তাপমাত্ৰা ২৯ ৰ পৰা ২৮ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত হ'ব। অৰ্থাৎ ক্ৰিকেটৰ বতৰ। ইয়াৰ মাজতে, দক্ষিণৰ পৰা পূবলৈ ৬ কিলোমিটাৰ বেগত বতাহ হ'ব, আনহাতে আৰ্দ্ৰতা ৬৪ শতাংশ হোৱাৰ সম্ভাৱনা আছে।
ডুবাইত বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই, কিন্তু খেলুৱৈসকলে ডিউ ফেক্টৰৰ সৈতে যুঁজিব লাগিব পাৰে। বতৰ বিভাগৰ মতে, দিন আগবাঢ়ি যোৱাৰ লগে লগে বৃহৎ পৰিমাণৰ ডিউ পৰিব পাৰে। ইয়াৰ অৰ্থ হৈছে দ্বিতীয় ইনিংছত বলাৰসকলৰ বাবে এক কঠিন প্ৰত্যাহ্বান থাকিব। এনে পৰিস্থিতিত আকৌ এবাৰ টছটো ডাঙৰ কাৰক হিচাপে প্ৰমাণিত হ'ব পাৰে। মনত ৰাখিব যে বিৰাটে এতিয়ালৈকে এই প্ৰতিযোগিতাখনত এবাৰো টছ জিকিব পৰা নাই। আজি কি হয় দেখা যাওক। অৱশ্যে বিৰাট কোহলীয়ে যোৱা ১৪ বাৰৰ ভিতৰত ১৩ বাৰ টীম ইণ্ডিয়াৰ হৈ টছত পৰাজিত হৈছে।
Published by: Kokil Sarma
FIRST PUBLISHED : November 05, 2021, 14:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।