• Home
  • »
  • News
  • »
  • world
  • »
  • IND vs SA: বিৰাট কোহলীয়ে এদিনীয়া শৃংখলাৰ পৰা প্ৰত্যাহাৰ কৰিলে নাম ! ভামিকাৰ জন্মদিনেই কাৰণ নেকি ?

IND vs SA: বিৰাট কোহলীয়ে এদিনীয়া শৃংখলাৰ পৰা প্ৰত্যাহাৰ কৰিলে নাম ! ভামিকাৰ জন্মদিনেই কাৰণ নেকি ?

Photo-Instagram

Photo-Instagram

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ (IND vs SA) মাজৰ শৃংখলাটো ২৬ ডিচেম্বৰত আৰম্ভ হ'ব। শেহতীয়া তথ্য অনুসৰি, বিৰাট কোহলীয়ে (Virat Kohli) এদিনীয়া দলৰ অধিনায়কত্বৰ পৰা আঁতৰি যোৱাৰ পিছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।

  • Share this:
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ (IND vs SA) মাজৰ শৃংখলাটো ২৬ ডিচেম্বৰত আৰম্ভ হ'ব। এই শৃংখলাটো আৰম্ভ হোৱাৰ আগতেই বহুতো কথা উন্মোচিত হৈছে। শেহতীয়া তথ্য অনুসৰি, বিৰাট কোহলীয়ে (Virat Kohli) এদিনীয়া দলৰ অধিনায়কত্বৰ পৰা আঁতৰি যোৱাৰ পিছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। বিৰাট কোহলী দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে যোৱা টেষ্ট দলৰ অংশ আৰু লগতে অধিনায়ক, কিন্তু তেওঁ ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডক (BCCI) কৈছে যে তেওঁ এদিনীয়া দলত খেলিব নোৱাৰে।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ শৃংখলাৰ পূৰ্বে দুয়োটা সীমিত অভাৰৰ ফৰ্মেটত ৰোহিত শৰ্মাক অধিনায়কত্ব হস্তান্তৰ কৰাৰ বিচিচিআইৰ শেহতীয়া সিদ্ধান্তৰ পিছত কেইবাটাও আলোচনা অনুষ্ঠিত হৈছে। অৱশ্যে, বিৰাট কোহলীয়ে এতিয়ালৈকে বিষয়টোৰ প্ৰতি নিজে সঁহাৰি দিয়া নাই। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩ খন এদিনীয়া শৃংখলা বাদ দিয়াৰ তেওঁৰ সিদ্ধান্তৰ সৈতে অধিনায়কত্বৰ পৰিৱৰ্তনৰ কোনো সম্পৰ্ক নাই বুলি কোৱা হয়।

বিৰাটে ভামিকাৰ জন্মদিনত ছুটিৰ পৰিকল্পনা কৰিছে!
টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, বিৰাটে তেওঁৰ জীয়ৰী ভামিকাৰ প্ৰথম জন্মদিন উদযাপন কৰিবলৈ সময় বিচাৰে। ভামিকাৰ জন্ম ১১ জানুৱাৰীত হৈছিল আৰু ভাৰতীয় টেষ্ট অধিনায়কজনে টেষ্ট শৃংখলাৰ সমাপ্তিৰ পিছত তেওঁৰ পৰিয়ালৰ সৈতে বন্ধৰ পৰিকল্পনা কৰি আছে বুলি কোৱা হয়। ভ্ৰমণৰ অন্তিমখন টেষ্ট ১১ ৰ পৰা ১৫ জানুৱাৰীলৈ খেলা হ'ব। এদিনীয়া শৃংখলাটো ১৯ জানুৱাৰীত আৰম্ভ হ'ব।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Kokil Sarma
First published: