Ind Vs Eng, Day3: অভেলত ৰোহিত-পূজাৰাৰ বেটিং বিক্ৰমেৰে সবল স্থিতিত ভাৰত, তৃতীয় দিনৰ খেলৰ সামৰণিত ভাৰতৰ ৩ উইকেটত ২৭০ ৰাণ !
ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ চতুৰ্থ টেষ্টৰ তৃতীয় দিনা ভাৰতে ৩ উইকেটত ২৭০ ৰাণ কৰিছে (IND vs ENG 4th Test)। তাৰকা অপেনাৰ ৰোহিত শৰ্মাই (Rohit Sharma) এটা সুন্দৰ শতক অৰ্জন কৰে আৰু চেতেশ্বৰ পূজাৰাই তেওঁক যথেষ্ট সমৰ্থন কৰে।

- News18 Assam
- Last Updated: September 4, 2021, 10:57 PM IST
অপেনাৰ ৰোহিত শৰ্মাই ২৫৬টা বলৰ সন্মুখীন হৈ ১২৭ ৰাণ কৰি বিদায় লয়। ৰোহিতৰ পিছতে পূজাৰাই ১২৭ টা বলত ৬১ ৰাণ কৰি বিদায় লয়। ৰোহিত আৰু পূজাৰাৰ বাবেই ৯৯ ৰাণত পিছ পৰি থাকিও ভাৰত এক সবল স্থিতিত উপনীত হৈছে।