‘কোৰোণাৰ পৰা বাচিবলৈ ট্ৰাম্পৰ কোনো পৰিকল্পনাই নাই’ – ক’লে আমেৰিকাৰ প্ৰাক্তন স্বাস্থ্য বিষয়াই

News18 Assam | News18-Assam
Updated:May 15, 2020, 11:05 AM IST
‘কোৰোণাৰ পৰা বাচিবলৈ ট্ৰাম্পৰ কোনো পৰিকল্পনাই নাই’ – ক’লে আমেৰিকাৰ প্ৰাক্তন স্বাস্থ্য বিষয়াই
বিগত মাহত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পে ব্ৰাইটক উক্ত পদৰ পৰা আঁতৰাই দিছিল।

বিগত মাহত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পে ব্ৰাইটক উক্ত পদৰ পৰা আঁতৰাই দিছিল।

  • Share this:
আমেৰিকাৰ প্ৰাক্তন স্বাস্থ্য বিষয়া ৰিক ব্ৰাইটে বৃহস্পতিবাৰে ছিনেটত সকলোকে আচৰিত কৰি মন্তব্য কৰে যে ট্ৰাম্প চৰকাৰৰ ওচৰত কোৰোণা মহামাৰীৰ পৰা পৰিত্ৰাণৰ বাবে কোনো পৰিকল্পনাই নাছিল। ব্ৰাইটে কয় যে আমেৰিকাই কোৰোণা ভাইৰাছৰ বাবে আধুনিক ইতিহাসৰ আটাইতকৈ ভয়ংকৰ সময় অতিবাহিত কৰি আছে। উল্লেখযোগ্য যে ব্ৰাইট আমেৰিকাৰ কোৰোণা ভাইৰাছত প্ৰতিষেধক উদ্ভাৱনৰ বাবে লাগি থকা এজেঞ্চীৰ নেতৃত্ব দিছিল, যাক ট্ৰাম্পে আঁতৰাই দিছিল।

উল্লেখযোগ্য যে বিগত মাহত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পে ব্ৰাইটক উক্ত পদৰ পৰা আঁতৰাই দিছিল। ব্ৰাইটে কয় যে তেওঁক সেই পদৰ পৰা এইবাবেই আঁতৰোৱা হৈছিল কাৰণ ট্ৰাম্পৰ আগত কোৰোণা ভাইৰাছক লৈ তেওঁৰ নীতিৰ বিৰোধিতা কৰিছিল। ব্ৰাইটে হাউছ অব ৰিপ্ৰেজেণ্টেটিভছৰ স্বাস্থ্যক লৈ গঠিত উপ–কমিটীক কৈছিল যে আমেৰিকাত বৃহৎসংখ্যক লোকৰ মৃত্যু এইবাবেই হৈছে কাৰণ আৰম্ভণিতে চৰকাৰৰ কোনো অংশই এই কথা জনা নাছিল যে তেওঁলোকে কি কৰিব লাগিব।

ব্ৰাইটে কয় যে ময়েই প্ৰথমজন ব্যক্তি যিয়ে জানুৱাৰী মাহতে এই সকীয়নি দিছিলো যে পৰিস্থিতি বেয়া হ’লে মেডিকেল উপকৰণৰ অভাৱ হ’ব পাৰে, কিন্তু মোৰ কথাত কোনেও গুৰুত্বই নিদিলে। এই কথা উচ্চস্তৰীয় ডিপাৰ্টমেণ্ট অব হেল্থ এণ্ড হিউমেন ছাৰ্ভিচতো উত্থাপন কৰিছিলো কিন্তু কোনো গুৰুত্ব নাপালে।

ব্ৰাইটে এই মন্তব্য কৰি কমিটীৰ সদস্যসকলক আচৰিত কৰি তোলে যে ট্ৰাম্প প্ৰশাসনৰ ওচৰত মহামাৰীৰ বাবে কোনো পৰিকল্পনা নাছিল। তেওঁ কয় – মই সকীয়নি দিছিলো যে কোৰোণা ভাইৰাছৰ প্ৰভাৱ আৰম্ভণিতে কম কৰিব পৰা যায় আৰু এয়াই সুযোগ, কিন্তু মোৰ কথা কোনেও নুশুনিলে। ব্ৰাইটে কয় যে তেওঁ ক্লৰ’কুইনক লৈ এটা লিখনি লিখিছিল, যাৰ পিছতে বায়’মেডিকেল এডভাঞ্চ ৰিছাৰ্চ এণ্ড ডেভেল’পমেণ্ট অথৰিটীৰ সঞ্চালক পদৰ পৰা তেওঁক আঁতৰাই দিয়া হৈছিল।

ব্ৰাইটে কয়, ‘মোক পদৰ পৰা এইবাবেই আঁতৰোৱা হৈছিল কাৰণ মই কোৰোণা ভাইৰাছক লৈ কংগ্ৰেছৰ ফালৰ পৰা আবণ্টিত ধনৰ বৈজ্ঞানিক ব্যৱহাৰত জোৰ দিছিলো। মই বিচৰা নাছিলো যে যি ঔষধ আৰু প্ৰতিষেধকত কোনো বৈজ্ঞানিক ভিত্তি নাই তাত ধন খৰচ কৰা হওক। মই ইয়াক লৈ কৈছিলো আৰু আজি মই কংগ্ৰেছত থিয় হৈ সকলো কথা কৈ আছো। মই ৰাজনীতি নহয়, বিজ্ঞানৰ আধাৰত এই সকলো কৈ আছো।’
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading