কৃত্ৰিম প্ৰজননেৰে প্ৰথমবাৰলৈ জন্ম এশিঙীয়া গঁড়, মিয়ামী চিৰিয়াখানাৰ বাতৰিয়ে আনিছে আশাৰ বতৰা

এশিঙীয়া গঁড় সংৰক্ষণৰ ক্ষেত্ৰত এয়া এক ডাঙৰ পদক্ষেপ। সততে চোৰাং চিকাৰীৰ টাৰ্গেট হৈ অহা অসম বিখ্যাত এশিঙীয়া গঁড়ৰ সমগ্ৰ বিশ্বতে এতিয়া সংখ্যা ৰৈছেগৈ মাত্ৰ ৩,৫০০টা।

news18assam
Updated:April 28, 2019, 10:49 AM IST
কৃত্ৰিম প্ৰজননেৰে প্ৰথমবাৰলৈ জন্ম এশিঙীয়া গঁড়, মিয়ামী চিৰিয়াখানাৰ বাতৰিয়ে আনিছে আশাৰ বতৰা
ফটোঃইন্টাৰনেট
news18assam
Updated: April 28, 2019, 10:49 AM IST


আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান চিএনএনত প্ৰকাশিত এক বাতৰিয়ে আনিছে অসম বিখ্যাত এশিঙীয়া গঁড় সংৰক্ষণৰ ক্ষেত্ৰত আনিছে আশাৰ ৰেঙণি।

মিয়ামীৰ চিৰিয়াখানত কিছুদিন পূৰ্বে জন্ম হোৱা এটি গঁড় পোৱালীয়ে সমগ্ৰ বিশ্বতে আনন্দ কঢ়িয়াই আনিছে। ইতিহাসত প্ৰথমবাৰলৈ কৃত্ৰিমভাৱে প্ৰজননৰ মাধ্যমেৰে এটি গঁড় পোৱালী জন্ম দিয়া হৈছে। যোৱা মঙলবাৰে দিনৰ চাৰে বাৰ বজাত জন্ম হোৱা গঁড় পোৱালীটোৰ মাতৃ হৈছে আকুটি নামৰ সাত বছৰীয়া এশিঙীয়া গঁড়জনী। সম্পূৰ্ণ পৰীক্ষা কৰাৰ পিছত চিৰিয়াখানাৰ পশু চিকিৎসা বিভাগে মাক আৰু পোৱালী দুয়োটা সুস্থ অৱস্থাত থকাৰ কথা জনায়।

চাওকঃ




এশিঙীয়া গঁড় সংৰক্ষণৰ ক্ষেত্ৰত এয়া এক ডাঙৰ পদক্ষেপ। সততে চোৰাং চিকাৰীৰ টাৰ্গেট হৈ অহা অসম বিখ্যাত এশিঙীয়া গঁড়ৰ সমগ্ৰ বিশ্বতে এতিয়া সংখ্যা ৰৈছেগৈ মাত্ৰ ৩,৫০০টা। আন্তঃৰাষ্ট্ৰীয় ৰাইন’ ফাউণ্ডেচনৰ তথ্যই প্ৰকাশ কৰিছে এই পৰিসংখ্যা। উল্লেখযোগ্য যে মাইকী এশিঙীয়া গঁড়ে ১৫ৰ পৰা ১৬ মাহৰ বয়স প্ৰাপ্ত কৰাৰ পিছত প্ৰতি দুইৰ পৰা তিনিবছৰ মূৰে মূৰে একোটাকৈ পোৱালী জন্ম দিয়ে।

নতুনকৈ জন্ম লাভ কৰা পোৱালীটোৰ মাক আৰু ১৮বছৰীয়া পিতৃ চুৰু চান ডিয়েগ’ চিৰিয়াখানা চাফাৰী পাৰ্কত জন্ম লাভ কৰা। আকুটি শব্দটো হিন্দীভাষাৰ। কৃত্ৰিম প্ৰজননৰ মাধ্যমেৰে পোৱালীটো জন্ম হোৱাৰ আগতে বহুবাৰ এইদিশত অহৰহ প্ৰয়াস চলাই ব্যৰ্থ হৈ আহিছিল গৱেষকৰ দল। প্ৰজনন আৰু সংৰক্ষণৰ দিশত কাম কৰা SEZARCৰ এটি দলে অৱশেষত সফলতা লাভ কৰে। ২০১৮চনৰ জানুৱাৰী মাহত চিনচিনাটী চিৰিয়াখানাৰ ডঃ মনিকা স্তুপৰ সৈতে মিলি দলটোৱে এই কৃত্ৰিম প্ৰজননৰ প্ৰয়াস চলায় আৰু সফলতাৰ মুখ দেখে।




এই বিৰল জন্ম কেৱল মিয়ামীৰ চিৰিয়াখানাৰ বাবেই তাৎপৰ্যপূৰ্ণ নহয়, বিশ্বজুৰি চোৰাং ব্যৱসায়ীৰ দপদপনিত নিঃশ্চিহ্ন হোৱাৰ উপক্ৰম হোৱা এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ বাবেই এই সফলতা তাৎপৰ্যপূৰ্ণ।




আৰু চাওক পৰৱৰ্তী বাতৰি