உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • কোৰোণাৰ ফলত বন্ধ স্কুল, গৰ্ভৱতী হৈছে বহু ছাত্ৰী, এইখন দেশত বাঢ়িছে চিন্তা

    কোৰোণাৰ ফলত বন্ধ স্কুল, গৰ্ভৱতী হৈছে বহু ছাত্ৰী, এইখন দেশত বাঢ়িছে চিন্তা

    কোৰোণা মহামাৰীৰ বাবে জিম্বাবৱে আৰু আন দক্ষিণ আফ্ৰিকাৰ দেশৰ বহুসংখ্যক কম বয়সীয়া ছোৱালীয়ে গৰ্ভধাৰণ কৰিছে।

    কোৰোণা মহামাৰীৰ বাবে জিম্বাবৱে আৰু আন দক্ষিণ আফ্ৰিকাৰ দেশৰ বহুসংখ্যক কম বয়সীয়া ছোৱালীয়ে গৰ্ভধাৰণ কৰিছে।

    কোৰোণা মহামাৰীৰ বাবে জিম্বাবৱে আৰু আন দক্ষিণ আফ্ৰিকাৰ দেশৰ বহুসংখ্যক কম বয়সীয়া ছোৱালীয়ে গৰ্ভধাৰণ কৰিছে।

    • Share this:
    সমগ্ৰ বিশ্বতে কোৰোণা ভাইৰাছ আৰু অমিক্ৰণ ভেৰিয়েণ্টৰ কেচ বাঢ়িছে। বহু দেশত বলবৎ কৰা হৈছে কঠোৰ নীতি-নিৰ্দেশনা। যিমানলৈকে সম্ভৱ, সকলোকে ৱৰ্ক ফ্ৰম হোম কৰিবলৈ কোৱা হৈছে। বন্ধ স্কুল-কলেজ। কিন্তু কোৰোণা মহামাৰীত স্কুল বন্ধ হোৱাত জিম্বাবৱে চৰকাৰক এক বেলেগ বিষয়ে চিন্তাত পেলাইছে। দৰাচলতে দেশখনৰ স্কুলৰ ছাত্ৰীসকলে দ্ৰুতহাৰত গৰ্ভধাৰণ কৰিছে।

    ৰাইটৰ্ছৰ এক প্ৰতিবেদন অনুসৰি, জিম্বাবৱেত কোৰোণা মহামাৰীৰ সময়ত ১২-১৩ বছৰীয়া ছোৱালীয়ে গৰ্ভধাৰণ কৰিছে আৰু বিদ্যালয় এৰিছে। এই ক্ষেত্ৰত এতিয়া দেশখনৰ চৰকাৰে কিছু নতুন নীতি নিয়ম নিৰ্ধাৰণ কৰিছে।

    দেশখনত যুৱতীসকলৰ বৰ্ধিত গৰ্ভধাৰণৰ পৰিপ্ৰেক্ষিতত, জিম্বাবৱে চৰকাৰে গৰ্ভৱতী ছোৱালীসকলক বিদ্যালয়লৈ আহিবলৈ অনুমতি দিবলৈ আগষ্ট ২০২০ত ইয়াৰ আইন সলনি কৰিছে। এই আইন অনাৰ পিছতো গৰ্ভৱতী ছাত্ৰীসকল বিদ্যালয়লৈ উভতি অহা নাই। ধনৰ অভাৱ, সামাজিক আচৰণ, শ্ৰেণীত উৎপীড়ন আদিৰ দৰে কেইবাটাও কাৰণৰ বাবে ছোৱালীবোৰে পুনৰ বিদ্যালয়লৈ যাব পৰা নাই বুলি উল্লেখ কৰিছে।
    Published by:Himangshu Bhuyan
    First published: