ZOOM এপত চলি আছিল মিটিং, হঠাৎ কেমেৰাৰ সন্মুখত ওলাল বিষয়াৰ নগ্ন পত্নী, তাৰ পিছত...

কোৰোণাৰ সংকটৰ বাবে জুম মিটিং কৰি থকাৰ সময়তে এজন বিষয়াৰ পত্নী তেওঁৰ পিছফালে নগ্ন হৈ থিয় হয়, যি দৃশ্য আবদ্ধ হয় কেমেৰাত।
কোৰোণাৰ সংকটৰ বাবে জুম মিটিং কৰি থকাৰ সময়তে এজন বিষয়াৰ পত্নী তেওঁৰ পিছফালে নগ্ন হৈ থিয় হয়, যি দৃশ্য আবদ্ধ হয় কেমেৰাত।
- News18 Assam
- Last Updated: April 4, 2021, 4:11 PM IST
ডেইলী মেইলৰ খবৰ অনুসৰি, মঙলবাৰে দক্ষিণ আফ্ৰিকাৰ ইষ্টাৰ্ণ কেপেত কোৰোণা ভাইৰাছৰ ফলত হোৱা মৃত্যুৰ ওপৰত আলোচনা কৰাৰ বাবে নেচনেল হাউছ অব ট্ৰেডিচনেল লীডাৰ্ছৰ নেতাসকল জুম এপৰ মাধ্যমেৰে মিটিঙত বহিছিল। সেই মিটিঙত নেচনেল হাউছ অব ট্ৰেডিচনেল লীডাৰ্ছৰ সদস্য Xolile Ndevu আন ২৩ নেতাৰ সৈতে উপস্থিত আছিল। যেতিয়া জুম মিটিঙত Xolile Ndevu–এ কৈ আছিল যে কোৰোণা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ইষ্টাৰ্ণ কেপেত কিদৰে স্থানীয় চিকিৎসকৰ সৈতে মিলি জাম কৰি আছে। সেই সময়তে তেওঁৰ পত্নীক পিছফালে নগ্ন ৰূপত দেখা যায়।
মিটিঙৰ মাজতে হঠাৎ Xolile Ndevuৰ পত্নীক নগ্ন অৱস্থাত দেখি মিটিঙত উপস্থিত থকা সদস্যসকল হতভম্ব হৈ পৰে। একাংশই এই অপ্ৰত্যাশিত দৃশ্য দেখি হাঁহিবলৈ ধৰে। লগে লগে কমিটীৰ অধ্যক্ষই বিষয়াগৰাকীক মিটিং স্থগিত ৰাখিবলৈ দিয়ে। অধ্যক্ষ Faith Muthambi–এ Xolile Ndevuক কয়, আপোনাৰ পিছফালে উপস্থিত মহিলাগৰাকীয়ে সঠিক কাপোৰ পিন্ধা নাই। আমি সকলো অনলাইন দেখি আছো। প্লিজ, তেওঁক কওক যে আপুনি এখন মিটিঙত আছে। এই সকলোবোৰে আমাৰ সমস্যাৰ সৃষ্টি কৰিছে।