• Home
  • »
  • News
  • »
  • world
  • »
  • Russia-Ukraine War : খাৰকিভৰ পৰা ভাৰতীয়ক সুৰক্ষিতভাৱে ওভতাই অনাৰ বাবে ৬ ঘণ্টা যুদ্ধ স্থগিত ৰাখিব ৰাছিয়াই

Russia-Ukraine War : খাৰকিভৰ পৰা ভাৰতীয়ক সুৰক্ষিতভাৱে ওভতাই অনাৰ বাবে ৬ ঘণ্টা যুদ্ধ স্থগিত ৰাখিব ৰাছিয়াই

ভ্লাডিমিৰ পুটিনে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপত এই আশ্বাস দিয়ে যে ভাৰতীয় শিক্ষাৰ্থীক ৱাৰ জ’নৰ পৰা সুৰক্ষিতভাৱে উলিয়াই আনি তেওঁলোকক ভাৰতলৈ প্ৰেৰণৰ বাবে সকলো প্ৰয়োজনীয় নিৰ্দেশ জাৰি কৰিছে।

ভ্লাডিমিৰ পুটিনে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপত এই আশ্বাস দিয়ে যে ভাৰতীয় শিক্ষাৰ্থীক ৱাৰ জ’নৰ পৰা সুৰক্ষিতভাৱে উলিয়াই আনি তেওঁলোকক ভাৰতলৈ প্ৰেৰণৰ বাবে সকলো প্ৰয়োজনীয় নিৰ্দেশ জাৰি কৰিছে।

ভ্লাডিমিৰ পুটিনে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপত এই আশ্বাস দিয়ে যে ভাৰতীয় শিক্ষাৰ্থীক ৱাৰ জ’নৰ পৰা সুৰক্ষিতভাৱে উলিয়াই আনি তেওঁলোকক ভাৰতলৈ প্ৰেৰণৰ বাবে সকলো প্ৰয়োজনীয় নিৰ্দেশ জাৰি কৰিছে।

  • Share this:
ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ (Russia-Ukraine War) বৃহস্পতিবাৰে অষ্টম দিন। ইয়াৰ মাজতে ভাৰত চৰকাৰে ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয়ক সুৰক্ষিতভাৱে ওভতাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ বাবে বায়ুসেনাৰ সহায় লোৱা হৈছে। ইয়াৰ মাজতে ভাৰত চৰকাৰে ৰাছিয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ চুক্তি কৰিছে। খাৰকিভত আবদ্ধ হৈ থকা ভাৰতীয়ক উলিয়াই অনাৰ বাবে ৬ ঘণ্টা পৰ্যন্ত যুদ্ধ স্থগিত ৰাখিবলৈ সাজু ৰাছিয়া। এই সময় তাত আবদ্ধ হৈ থকা ভাৰতীয় লোকক সুৰক্ষিতভাৱে খাৰকিভৰ পৰা উলিয়াই আনি ইউক্ৰেইনৰ সমীপৰ দেশৰ সীমান্তলৈ অনাৰ বাবে লোৱা হৈছে।

ইউক্ৰেইনৰ চহৰ খাৰকিভত এতিয়াও সহস্ৰাধিক ছাত্ৰ–ছাত্ৰী আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। কোৱা হৈছে যে ভাৰতীয়ক তাৰ পৰা উদ্ধাৰ কৰিবলৈ দিয়া হোৱা নাই। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নিশা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে বাৰ্তালাপ কৰে। মোদীয়ে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক সুৰক্ষিতভাৱে ওভতাই অনাৰ প্ৰসংগ উত্থাপন কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী মোদীক কয় যে ৰাছিয়াই সম্ভৱপৰ সকলো ধৰণৰ সহায় কৰাৰ বাবে প্ৰস্তুত আছে। খাৰকিভত ইউক্ৰেইন সেনাই ভাৰতীয় শিক্ষাৰ্থীক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছে।

ভ্লাডিমিৰ পুটিনে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপত এই আশ্বাস দিয়ে যে ভাৰতীয় শিক্ষাৰ্থীক ৱাৰ জ’নৰ পৰা সুৰক্ষিতভাৱে উলিয়াই আনি তেওঁলোকক ভাৰতলৈ প্ৰেৰণৰ বাবে সকলো প্ৰয়োজনীয় নিৰ্দেশ জাৰি কৰিছে। ৰুছ সেনাই সম্ভৱপৰ সকলো চেষ্টা চলাব। তেওঁ ভাৰতীয় ছাত্ৰ–ছাত্ৰীক শীঘ্ৰে উদ্ধাৰৰ বাবে ৰুছ সেনাৰ দ্বাৰা খাৰকিভৰ পৰা ৰাছিয়ালৈ এক সুৰক্ষিত কৰিড’ৰ বনোৱাৰ কথাও উল্লেখ কৰে। ইয়াৰ পিছৰ দিনাই ৰাছিয়াই ৬ ঘণ্টা পৰ্যন্ত যুদ্ধ বন্ধ কৰাৰ বাবে সাজু হৈছে।

ভাৰতীয় দূতাবাকেও বুধবাৰে ছাত্ৰ–ছাত্ৰীসহ নিজৰ দেশৰ সকলো নাগৰিকক কয় যে নিজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যিমান সোনকালে পাৰে খাৰকিভ ত্যাগ কৰক। দূতাবাসে কয় যে ভাৰতীয় নাগৰিকসকলে খাৰকিভ এৰি পেছোচিন, বাবয়ে আৰু বেজলিয়ুদোভকালৈ আহক, যিটো ১৬ কিলোমিটাৰৰ ভিতৰত আছে।

ইয়াৰ মাজে অপাৰেচন গংগাৰ জৰিয়তে ৩,৭২৬ ভাৰতীয়ক আজি বুখাৰেষ্টৰ পৰা ৮খন বিমানেৰে, সুছেৱাৰ পৰা ২খন বিমানেৰে, কোছিছেৰ পৰা এখন বিমানেৰে, বুডাপেষ্টৰ পৰা ৫খন বিমানেৰে আৰু ৰেজ্জ’ৰ পৰা তিনিখন বিমানেৰে ভাৰতলৈ ওভতাই অনা হ’ব।
Published by:Sanjay Kumar Das
First published: