• Home
  • »
  • News
  • »
  • world
  • »
  • Russia-Ukraine War : ৰাছিয়াৰ আক্ৰমণত এতিয়ালৈ ৫৯৬জন নাগৰিকৰ মৃত্যু, যুদ্ধৰ ১০টা আপডেট

Russia-Ukraine War : ৰাছিয়াৰ আক্ৰমণত এতিয়ালৈ ৫৯৬জন নাগৰিকৰ মৃত্যু, যুদ্ধৰ ১০টা আপডেট

ৰুছ সেনাই দেওবাৰে ইউক্ৰেইনৰ এটা মিলিটেৰী ট্ৰেইনিং কেম্পত আক্ৰমণ কৰে। এই আক্ৰমণত ৩৫জনৰ প্ৰাণহানি হোৱাৰ খবৰ আহিছে।

ৰুছ সেনাই দেওবাৰে ইউক্ৰেইনৰ এটা মিলিটেৰী ট্ৰেইনিং কেম্পত আক্ৰমণ কৰে। এই আক্ৰমণত ৩৫জনৰ প্ৰাণহানি হোৱাৰ খবৰ আহিছে।

ৰুছ সেনাই দেওবাৰে ইউক্ৰেইনৰ এটা মিলিটেৰী ট্ৰেইনিং কেম্পত আক্ৰমণ কৰে। এই আক্ৰমণত ৩৫জনৰ প্ৰাণহানি হোৱাৰ খবৰ আহিছে।

  • Share this:
Russia-Ukraine War News: ইউক্ৰেইনৰ ওপৰত বিগত ১৮দিন ধৰি চলিছে ৰাছিয়াৰ আক্ৰমণ। ৰুছ সেনাই দেওবাৰে ইউক্ৰেইনৰ এটা মিলিটেৰী ট্ৰেইনিং কেম্পত আক্ৰমণ কৰে। এই আক্ৰমণত ৩৫জনৰ প্ৰাণহানি হোৱাৰ খবৰ আহিছে। ইয়াৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে কয় যে এতিয়ালৈ প্ৰায় ১,২৫,০০০ সাধাৰণ লোকক নিৰাপদ কৰিড’ৰেৰে উলিয়াই অনা হৈছে। জেলেনস্কীৰ মতে, এটা দলে মানৱীয় সহায়ৰ বাবে ৰুছ সেনাই ঘেৰাও কৰি থকা মাৰিয়ুপ’ল চহৰৰ দিশে আগবাঢ়িছে।

ইউক্ৰেইনৰ দক্ষিণ প্ৰান্তত থকা মাৰিয়ুপ’ল চহৰত ৰুছ সেনাৰ ধাৰাসাৰ বোমাবৰ্ষণ অব্যাহত আছে। ইউক্ৰেইনৰ মতে, ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ এই চহৰখন সংকটত ভুগিছে। ইয়াত ১৫০০তকৈ অধিক সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে।

জানক ৰাছিয়া–ইউক্ৰেইনৰ যুদ্ধৰ ১০টা আপডেট

১. ৰাষ্ট্ৰসংঘৰ মতে, ৰাছিয়াৰ আক্ৰমণত অতি কমেও ৫৯৬জন সাধাৰণ লোকৰ মৃত্যু হৈছে। আহত হৈছে কমেও ১০৬৭জন লোক। অৱশ্যে, গ্ল’বেল বডীৰ হিচাপত সঠিক সংখ্যা ইয়াতকৈ অধিক হ’ব পাৰে।

২. ৰাছিয়াই নাট’ৰ সদস্য পোলেণ্ডৰ সৈতে সংলগ্ন ইউক্ৰেইনৰ পশ্চিম সীমাত এক সেনা প্ৰশিক্ষণ শিবিৰত মিছাইল আক্ৰমণ কৰে, য’ত ৩৫জনৰো অধিক লোকৰ মৃত্যু হৈছে। ২৫ কিলোমিটাৰৰো কম দূৰত্বত অৱস্থিত এই বিশাল সেনা প্ৰশিক্ষণ কেম্পত ৩০তকৈ অধিক মিছাইল নিক্ষেপ কৰা হয়।

৩. ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে কয়, এতিয়ালৈ প্ৰায় ১,২৫,০০০ সাধাৰণ নাগৰিকক সুৰক্ষিত কৰিড’ৰেৰে উলিয়াই অনা হৈছে। এটা দলে মানৱীয় সহায়ৰ বাবে ৰুছ সেনাই ঘেৰাও কৰি থকা মাৰিয়ুপ’ল চহৰৰ দিশে আগবাঢ়িছে।

৪. ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে নাট’ক আবেদন জনাইছে যে তেওঁলোকৰ দেশক ন’ ফ্লাই জ’ন ঘোষণা কৰা হওক। জেলেনস্কীয়ে সকীয়নি দি কয় যে যদি নাট’ৱে এয়া নকৰে তেন্তে ইয়াৰ সদস্য দেশৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ দেখা পাব।

৫. ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহে দেওবাৰে ইউক্ৰেইনত স্বাস্থ্য কৰ্মী আৰু চিকিৎসা সুবিধাৰ ওপৰত আক্ৰমণ শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাইছে।

৬. তুৰ্কীৰ বিদেশ মন্ত্ৰীয়ে দাবী কৰিছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কীৰ সৈতে আলোচনা কৰিবলৈ সাজু। তেওঁ কয় যে পুটিনে এই কথা তুৰ্কীৰ ৰষ্ট্ৰপতি এৰ্দোগনৰ সৈতে আলোচনাত উল্লেখ কৰিছে। এৰ্দোগন আৰু পুটিনৰ মাজত এই আলোচনা ৬ মাৰ্চত হৈছিল।

৭. ইউক্ৰেইনে কয় যে তেওঁলোকে চেৰ্নোবিল বিদ্যুৎ কেন্দ্ৰৰ ক্ষতিগ্ৰস্ত লাইন ঠিক কৰি লৈছে। এই কেন্দ্ৰ ৰুছ সেনাৰ নিয়ন্ত্ৰণত আছে।

৮. ব্ৰিটিছ চৰকাৰে ইউক্ৰেইনৰ পৰা স্থানান্তৰ হোৱা পৰিয়ালক আশ্ৰয় দিয়া নাগৰিকক প্ৰতিমাহে ৩৫০ পাউণ্ট (প্ৰায় ৩৫ হাজাৰ টকা) দিয়াৰ ঘোষণা কৰিছে।

৯. আমেৰিকাই ইউক্ৰেইনক সেনাৰ সহায় উপলব্ধ কৰোৱাৰ বাবে ২০০ মিলিয়ন ডলাৰ দিয়াৰ ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে শনিবাৰে ইউক্ৰেইনৰ বাবে অতিৰিক্ত সেনা উপকৰণত ২০০ ডলাৰ অনুমোদন কৰিচে।

১০. খ্ৰীষ্টান ধৰ্মগুৰু পোপ ফ্ৰান্সিছে কয় যে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ বন্ধ কৰিব লাগে। তেওঁ কয় যে ভগৱানৰ নামত ভুক্তভোগী লোকৰ চিঞৰ শুনক আৰু বোমা–বাৰুদৰ আক্ৰমণ বন্ধ কৰা হওক।
Published by:Sanjay Kumar Das
First published: