• Home
  • »
  • News
  • »
  • world
  • »
  • Russia-Ukraine War: ইউক্ৰেইনৰ জাপোৰিজ্জিয়া চহৰৰ আৱাসিক এলেকাত হোৱা আক্ৰমণত ১৭ জন লোক নিহত

Russia-Ukraine War: ইউক্ৰেইনৰ জাপোৰিজ্জিয়া চহৰৰ আৱাসিক এলেকাত হোৱা আক্ৰমণত ১৭ জন লোক নিহত

ইউক্ৰেইনৰ জাপোৰিজ্জিয়া চহৰৰ আৱাসিক এলেকাত হোৱা আক্ৰমণত ১৭ জন লোক নিহত

ইউক্ৰেইনৰ জাপোৰিজ্জিয়া চহৰৰ আৱাসিক এলেকাত হোৱা আক্ৰমণত ১৭ জন লোক নিহত

যোৱা কেইসপ্তাহমানৰ ভিতৰত কেইবাবাৰো লক্ষ্য কৰি লোৱা হৈছে জাপোৰিজ্জিয়া। ই যোৱা সপ্তাহত ৰাছিয়াই দখল কৰা ইউক্ৰেইনৰ নিয়ন্ত্ৰণত থকা অঞ্চলত পৰে। এই অঞ্চলৰ এটা অংশ বৰ্তমান ৰাছিয়াৰ দখলত আছে।

  • Share this:
ইউক্ৰেইনৰ জাপোৰিজ্জিয়া চহৰৰ এটা এপাৰ্টমেণ্টত ৰাছিয়াৰ আক্ৰমণত কমেও ১৭ জন লোক নিহত হয়। দেওবাৰে মহানগৰীখনৰ এজন শীৰ্ষ বিষয়াই এই তথ্য প্ৰদান কৰে। চিটি কাউন্সিলৰ সম্পাদক আনাটলি কুৰ্টায়েভে কয় যে শনিবাৰৰ নিশা ৰাছিয়াৰ সেনাই তীব্ৰ মিছাইল আক্ৰমণেৰে চহৰখনত বিভীষিকা চলায়। য’ত কমেও পাঁচটা ঘৰ ভাঙি যোৱাৰ লগতে প্ৰায় ৪০টা ঘৰৰ ক্ষতিসাধন হয়। ইউক্ৰেইনৰ সেনাইও এই আক্ৰমণ নিশ্চিত কৰি কয় যে ইয়াত বহু লোক আহত হৈছে।

ইয়াৰ পূৰ্বে শনিবাৰে ক্ৰিমিয়া উপদ্বীপক ৰাছিয়াৰ সৈতে সংযোগ কৰা এখন দলঙত বিস্ফোৰণ হৈছিল। যাৰ বাবে দলংখন আংশিকভাৱে ভাঙি পৰে। ৰাছিয়াই এই দলঙৰ মাজেৰে দক্ষিণ ইউক্ৰেইনত যুদ্ধৰ বাবে সামৰিক সামগ্ৰী প্ৰেৰণ কৰে। যোৱা কেইসপ্তাহমানৰ ভিতৰত কেইবাবাৰো লক্ষ্য কৰি লোৱা হৈছে জাপোৰিজ্জিয়া। ই যোৱা সপ্তাহত ৰাছিয়াই দখল কৰা ইউক্ৰেইনৰ নিয়ন্ত্ৰণত থকা অঞ্চলত পৰে। এই অঞ্চলৰ এটা অংশ বৰ্তমান ৰাছিয়াৰ দখলত আছে। এইখিনিতে আছে জাপোৰিজ্জিয়া পাৰমাণৱিক শক্তি কেন্দ্ৰ। যিটো ইউৰোপৰ আটাইতকৈ ডাঙৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ বুলি কোৱা হয়।

ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৰাছিয়াৰ দক্ষিণ-পূবৰ জাপোৰিজ্জিয়া চহৰত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ছবি পোষ্ট কৰিছে। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে টুইট কৰি কয় যে যদি ইউক্ৰেইনৰ সেনাবাহিনীৰ হাতত আধুনিক এণ্টি-মিছাইল ব্যৱস্থা থাকিলহেঁতেন তেন্তে আমি এনে ট্ৰেজেডী ৰোধ কৰিব পাৰিলোঁহেঁতেন। কোৱা হৈছে যে কমেও ৭টা ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ঔদ্যোগিক চহৰ জাপোৰিজ্জিয়াত আঘাত হানে। মৃতকৰ সংখ্যা এজন বৃদ্ধি হোৱাৰ পিছত ই ১৭ জনলৈ বৃদ্ধি পাইছে। জাপোৰিজ্জিয়াৰ মূল পথত থকা এটা পাঁচ মহলীয়া আৱাসিক ভৱন প্ৰায় সম্পূৰ্ণৰূপে ভাঙি যায়। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে টেলিগ্ৰামত তীব্ৰ সমালোচনা কৰি কয় যে জাপোৰিজ্জিয়া দৈনিক ব্যাপক মিছাইল আক্ৰমণৰ বলি হয়। এইটো এটা ইচ্ছাকৃত অপৰাধ।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি