কোৰোণা ভাইৰাছঃ ১০ আগষ্টৰ ভিতৰত মুকলি হ’ব পাৰে প্ৰথমটো ভেকচিন, সম্পূৰ্ণ হ’ল ট্ৰাইল

News18 Assam | News18-Assam
Updated:August 7, 2020, 2:08 PM IST
কোৰোণা ভাইৰাছঃ ১০ আগষ্টৰ ভিতৰত মুকলি হ’ব পাৰে প্ৰথমটো ভেকচিন, সম্পূৰ্ণ হ’ল ট্ৰাইল
বিশ্ব স্বাস্থ্য সংস্থাই ৰাছিয়াৰ এই বিশেষ ভেকচিনক লৈ কৰিছে বিশেষ মন্তব্য। WHO-এ কৈছে যে, ৰাছিয়াই ভেকচিন প্ৰস্তুত কৰা সময়ত পালন কৰা নাই নিৰ্ধাৰিত গাইড লাইন।

বিশ্ব স্বাস্থ্য সংস্থাই ৰাছিয়াৰ এই বিশেষ ভেকচিনক লৈ কৰিছে বিশেষ মন্তব্য। WHO-এ কৈছে যে, ৰাছিয়াই ভেকচিন প্ৰস্তুত কৰা সময়ত পালন কৰা নাই নিৰ্ধাৰিত গাইড লাইন।

  • Share this:
বিশ্বজুৰি অব্যাহত আছে কোৰোণাৰ সংহাৰ। কোৰোণাৰ ভেকচিন আবিষ্কাৰৰ বাবে এতিয়া দিন-ৰাতি একাকাৰ কৰিছে বিশ্বৰ আগশাৰীৰ চিকিত্‍সা বিজ্ঞানীসকলে। কিন্তু তাৰ মাজতে অহা ১০ৰ পৰা ১২ আগষ্টৰ ভিতৰত ৰাছিয়াই কোৰোণাৰ ভেকচিন বজাৰত মুকলি কৰিব বুলি দাবী কৰিছে।



ৰাছিয়াই মুকলি কৰিবলৈ আগবঢ়া ভেকচিনেই হ’ল বিশ্বৰ প্ৰথমটো কোৰোণাৰ ভেকচিন। ব্লুমবাৰ্গৰ মতে, ইতিমধ্যে ভেকচিন মুকলিৰ বাবে সকলো প্ৰাৰম্ভিক কাম শেষ কৰিছে। ৰিপৰ্ট অনুসৰি, প্ৰথমে ভেকচিনটো পঞ্জীয়ন কৰা হ’ব আৰু  ৩ৰ পৰা ৭ দিনৰ ভিতৰত ভেকচিন বজাৰত উপলব্ধ হ’ব। ৰাছিয়াৰ তৰফৰ পৰা প্ৰথমে ১৫-১৬ আগষ্টত ভেকচিন বজাৰলৈ আহিব বুলি উল্লেখ কৰিছিল। এই ভেকচিনটো ‘গামালেয়া নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অৱ এপীডেম’লজী এণ্ড মাইক্ৰবা’য়লজী’য়ে নিৰ্মাণ কৰিছে।



ভেকচিনৰ সন্দৰ্ভত WHO-

বিশ্ব স্বাস্থ্য সংস্থাই ৰাছিয়াৰ এই বিশেষ ভেকচিনক লৈ কৰিছে বিশেষ মন্তব্য। WHO-এ কৈছে যে, ৰাছিয়াই ভেকচিন প্ৰস্তুত কৰা সময়ত পালন কৰা নাই নিৰ্ধাৰিত গাইড লাইন। গতিকে ভেকচিনৰ সফলতাক মানি লোৱাত আছে অসুবিধা। WHOৰ প্ৰৱক্তা ক্ৰিষ্ট্ৰীয়ান লিণ্ডমিয়ৰে লগতে উল্লেখ কৰিছে যে, ‘যদি ভেকচিনৰ তৃতীয়টো পৰীক্ষণ সম্পন্ন নকৰাকৈ ইয়াৰ উত্‍পাদনৰ বাবে লাইচেন্স প্ৰদান কৰে, তেন্তে ই পৰিস্থিতি অধিক বেয়াৰ ফালেও নিব পাৰে।’
Published by: Himangshu Bhuyan
First published: August 7, 2020, 2:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading