• Home
  • »
  • News
  • »
  • world
  • »
  • Russia-Ukraine War|North Korea: ইউক্ৰেইন যুদ্ধত উত্তৰ কোৰিয়াৰ প্ৰৱেশ! ৰাছিয়াক ১ লাখ সৈন্য দি সহায় কৰাৰ প্ৰস্তাৱ: ৰিপোৰ্ট

Russia-Ukraine War|North Korea: ইউক্ৰেইন যুদ্ধত উত্তৰ কোৰিয়াৰ প্ৰৱেশ! ৰাছিয়াক ১ লাখ সৈন্য দি সহায় কৰাৰ প্ৰস্তাৱ: ৰিপোৰ্ট

Russia-Ukraine War|North Korea: কোৰোচেংকোৱে কয়, ‘যদি উত্তৰ কোৰিয়াই ইউক্ৰেইনৰ ফেচিবাদৰ বিৰুদ্ধে যুঁজিবলৈ নিজৰ আন্তঃৰাষ্ট্ৰীয় কৰ্তব্য পালন কৰাৰ ইচ্ছা প্ৰকাশ কৰে, তেন্তে আমি তেওঁলোকক অনুমতি দিয়া উচিত।’

Russia-Ukraine War|North Korea: কোৰোচেংকোৱে কয়, ‘যদি উত্তৰ কোৰিয়াই ইউক্ৰেইনৰ ফেচিবাদৰ বিৰুদ্ধে যুঁজিবলৈ নিজৰ আন্তঃৰাষ্ট্ৰীয় কৰ্তব্য পালন কৰাৰ ইচ্ছা প্ৰকাশ কৰে, তেন্তে আমি তেওঁলোকক অনুমতি দিয়া উচিত।’

Russia-Ukraine War|North Korea: কোৰোচেংকোৱে কয়, ‘যদি উত্তৰ কোৰিয়াই ইউক্ৰেইনৰ ফেচিবাদৰ বিৰুদ্ধে যুঁজিবলৈ নিজৰ আন্তঃৰাষ্ট্ৰীয় কৰ্তব্য পালন কৰাৰ ইচ্ছা প্ৰকাশ কৰে, তেন্তে আমি তেওঁলোকক অনুমতি দিয়া উচিত।’

  • Share this:
ইউক্ৰেইন (Ukraine)ৰ বিৰুদ্ধে কৰা আক্ৰমণত ৰাছিয়া (Russia)ক সহায় কৰিবলৈ উত্তৰ কোৰিয়া (North Korea)ই এক লাখ “স্বেচ্ছাসেৱী” সৈন্যৰ প্ৰস্তাৱ দিছে বুলি জানিব পৰা গৈছে। ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমে এই তথ্য সদৰী কৰিছে। নিউয়ৰ্ক পোষ্টৰ প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ প্ৰতিৰক্ষা বিশ্লেষক ইগৰ ক’ৰ’চেংকোৱে ৰাছিয়ান চেনেল ৱানক জনাইছে, ‘উত্তৰ কোৰিয়াৰ এক লাখ স্বেচ্ছাসেৱক আহি এই সংঘাতত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে বুলি খবৰ ওলাইছে।’ উত্তৰ কোৰিয়াৰ সেনাক প্ৰশংসা কৰি বিশেষজ্ঞগৰাকীয়ে কয় যে ৰাছিয়াই উত্তৰ কোৰিয়াৰ সৈন্য আৰু তেওঁলোকৰ কাউণ্টাৰ বেটাৰী দক্ষতাক সম্পূৰ্ণ হৃদয়েৰে আদৰণি জনাইছে। কাউণ্টাৰ-বেটাৰী হৈছে যুদ্ধৰ সময়ত শত্ৰু দেশৰ অগ্নি সহায়ক ব্যৱস্থা বন্ধ বা নিৰ্মূল কৰা প্ৰক্ৰিয়া।

কোৰোচেংকোৱে কয়, ‘যদি উত্তৰ কোৰিয়াই ইউক্ৰেইনৰ ফেচিবাদৰ বিৰুদ্ধে যুঁজিবলৈ নিজৰ আন্তঃৰাষ্ট্ৰীয় কৰ্তব্য পালন কৰাৰ ইচ্ছা প্ৰকাশ কৰে, তেন্তে আমি তেওঁলোকক অনুমতি দিয়া উচিত।’ য’ত ৰাছিয়াৰ বহু ৰাষ্ট্ৰই তথাকথিত ‘স্বেচ্ছাসেৱী’ সেনাবাহিনী প্ৰদান কৰি আছে। কিন্তু পশ্চিমীয়া একাংশ চোৰাংচোৱা বিশ্লেষকে ৰাছিয়াত এতিয়া হতাশজনক পৰিবেশ বুলি বৰ্ণনা কৰি ইংগিত দিছে যে ৰাছিয়াৰ ভিতৰত ব্যাপক সংগঠনৰ নিৰ্দেশ দিবলৈ ভ্লাদিমিৰ পুটিনৰ ৰাজনৈতিক সমৰ্থনৰ অভাৱ।

যোৱা মাহত ব্ৰিটেইন (Britain)ৰ চোৰাংচোৱা সংস্থা MI6ৰ মুৰব্বী ৰিচাৰ্ড মূৰে কয় যে ৰাছিয়াৰ যুদ্ধ প্ৰচেষ্টাই এতিয়া নিজৰ “হতাশা” দেখুৱাইছে। ক’লৰাডোৰ এছপেন নিৰাপত্তা মঞ্চত অনুষ্ঠিত এক প্ৰশ্নোত্তৰ অনুষ্ঠানৰ সময়ত তেওঁৰ উদ্ধৃতিৰে তেওঁ কয় যে আমাৰ মূল্যায়ন হৈছে যে অহা কেইসপ্তাহমানৰ ভিতৰত ৰাছিয়ানসকলে জনসাধাৰণৰ সমৰ্থন আৰু প্ৰয়োজনীয় সামগ্ৰী যোগানত অসুবিধা পাব।

নিউয়ৰ্কস্থিত কাউন্সিল ফৰ ফৰেইন ৰিলেচনৰ মতে, উত্তৰ কোৰিয়াৰ সেনাবাহিনী বিশ্বৰ চতুৰ্থ বৃহত্তম সেনাবাহিনী যাৰ প্ৰায় ১ লাখ ৩০ হাজাৰ সক্ৰিয় জোৱান আছে। ইয়াৰ আন ৬ লাখ জোৱান সংৰক্ষিত সৈন্য হিচাপে আছে। চি এফ পিৰ প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে উত্তৰ কোৰিয়াই পুৰণি সঁজুলি আৰু প্ৰযুক্তিৰে কাম কৰে। দক্ষিণ কোৰিয়াৰ ‘ডেইলী এন কে’ কাকতত প্ৰকাশ পাইছে যে যুদ্ধৰ পিছত ইউক্ৰেইন পুনৰ গঢ়ি তোলাত ৰাছিয়াক সহায় কৰাৰ বাবেও উত্তৰ কোৰিয়াই শ্ৰমিক প্ৰেৰণৰ প্ৰস্তাৱ দিছে।
Published by:Manjumoni Borah
First published: