• Home
  • »
  • News
  • »
  • world
  • »
  • এইখন দেশত আজৱ কাণ্ড! ভেকচিনৰ পৰা বাচিবলৈ একাংশই টকা দি কোভিড পজিটিভ ৰোগীৰ সৈতে কৰিছে পাৰ্টী

এইখন দেশত আজৱ কাণ্ড! ভেকচিনৰ পৰা বাচিবলৈ একাংশই টকা দি কোভিড পজিটিভ ৰোগীৰ সৈতে কৰিছে পাৰ্টী

ইটালীত যিসকল লোকে কোৰোণাত আক্ৰান্ত হব'লৈ জানিবুজি সংক্ৰমিত লোকৰ সৈতে ৱাইন সেৱন কৰাৰ লগতে ডিনাৰ কৰি আছে, সেইসকলক এণ্টি ভেক্সাৰ নাম দিয়া হৈছে। লোকসকলে ভাবে যে, ভেকচিনে তেওঁলোকৰ ক্ষতি কৰিব।

  • Share this:
কোৰোণা ভাইৰাছে আকৌ সন্ত্ৰাস চলাইছে। ফলত বহুদেশত কোৰোণাৰ টিকাকৰণৰ লগতে বুষ্টাৰ ডোজৰ ওপৰত জোৰ দিয়া হৈছে। একাংশ এনে লোকো আছে যিসকলে ভেকচিন লোৱাৰ পৰা বাছিবলৈ নিজৰ মৃত্যু কামনা কৰি আছে! ঘটনাটো ইটালীৰ। দেশখনত অধিকাংশ যুৱকেই ভেকচিনৰ বিৰুদ্ধে অৱস্থান কৰিছে। ভেকচিনৰ পৰা বাচিবলৈ টকা দি কোভিড পজিটিভ ৰোগীৰ সৈতে কৰিছে পাৰ্টী।

ইটালী, যিযখন দেশ কোৰোণাৰ ভয়ংকৰ সংক্ৰমণে একেবাৰে কোঙা কৰি পেলাইছে। সেইখন দেশতে এতিয়া এনে পৰম্পৰা আৰম্ভ হৈছে। দেশখনত একাংশই টকা দি কোৰোণা পিজিটিভ ৰোগীৰ সৈতে ডিনাৰ কৰাৰ লগতে সুৰাপান কৰাৰ এক ট্ৰেণ্ড চলিছে। ইয়াৰ বাবে ১৬০ ডলাৰ পৰ্যন্ত খৰচ কৰিছে।

ইটালী চৰকাৰৰ দ্বাৰা এটা নিৰ্দেশ জাৰি কৰা হৈছে যে, ১ ফেব্ৰুৱাৰী, ২০২২-ৰ পৰা ৫০ বছৰৰ উৰ্ধ্বৰ লোকৰ বাবে ভেকছিন বাধ্যতামূলক হ'ব। যদি কোনো লোকে টিকাকৰণ নকৰে তেতিয়া সন্মুখীন হ'ব জৰিমনাৰ। আনকি চাকৰি পৰ্যন্ত হেৰুৱাব পাৰে।

ইটালীত কোৰোণা সংক্ৰমণকলৈ জনাদেশ জাৰি হোৱাৰ পিছতে একাংশ মানুহে সংক্ৰমিত লোকসকলৰ সৈতে সাক্ষাৎ কৰা, সংস্পৰ্শত থকা আৰু পাৰ্টি কৰা আৰম্ভ কৰিছে। এনে ক্ষেত্ৰত, যিসকলে কোৰোণাৰ দ্বাৰা সংক্ৰমিত হ'ব বিচাৰে তেওঁলোকে অনুভৱ কৰে যে, তেওঁলোক কিছুদিন পিছতে আৰোগ্য হ'ব আৰু তাৰ পিছত পাছ লাভ কৰিব।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি