শনিবাৰে দক্ষিণ-পশ্চিম কলম্বিয়াৰ পেন-আমেৰিকান হাইৱে’ত এখন বাছ বাগৰি পৰাত কমেও ২০ জন লোক নিহত হোৱাৰ লগতে ১৫ জন লোক আহত হয়। কলম্বিয়াৰ দক্ষিণ-পশ্চিমৰ পাষ্টো চহৰ আৰু প’পায়ানৰ মাজত সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনা। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দুৰ্ঘটনাগ্ৰস্ত হোৱা বাছখন কলম্বিয়াৰ দক্ষিণ-পশ্চিম কোণৰ বন্দৰ চহৰ টুমাকোৰ পৰা উত্তৰ-পূবৰ কালিলৈ গৈ আছিল। এই দুই ঠাইৰ মাজত দুৰত্ব প্ৰায় ৩২০ কিলোমিটাৰ (২০০ মাইল)।
সংবাদ সংস্থা এ এন আইৰ বাতৰি অনুসৰি নাৰিঅ’ যান-বাহন আৰক্ষী বিভাগৰ কেপ্তেইন এলবাৰ্টলেণ্ড আগুডেলোৱে কয় যে দুৰ্ভাগ্যজনকভাৱে এই পথ দুৰ্ঘটনাত ২০ জন লোকৰ মৃত্যু হৈছে। আগুডেলোৱে জনোৱা মতে, বাছখনৰ কাৰিকৰী বিসংগতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। তথাপিও এই পথ দুৰ্ঘটনাৰ আঁৰৰ কাৰণসমূহৰ তদন্ত চলি আছে।