Suez Canal Block : অৱশেষত মুকলি হ’ল এসপ্তাহ ধৰি চুৱেজ খালত আবদ্ধ MV Ever Given জাহাজ

News18 Assam | News18-Assam
Updated:March 30, 2021, 6:45 PM IST
Suez Canal Block : অৱশেষত মুকলি হ’ল এসপ্তাহ ধৰি চুৱেজ খালত আবদ্ধ MV Ever Given জাহাজ
যোৱা এসপ্তাহ ধৰি চুৱেজ খালত কমেও ৩৬৭খন জাহাজ আৱদ্ধ হৈ আছিল এই বিশাল জাহাজখন আবদ্ধ হৈ থকাৰ ফলত।

যোৱা এসপ্তাহ ধৰি চুৱেজ খালত কমেও ৩৬৭খন জাহাজ আৱদ্ধ হৈ আছিল এই বিশাল জাহাজখন আবদ্ধ হৈ থকাৰ ফলত।

  • Share this:
প্ৰায় এসপ্তাহ ধৰি চুৱেজ খাল (Suez Canal) ত আৱদ্ধ হৈ থকা এখন মালবাহী জাহাজ সোমবাৰে সন্ধিয়া সফলতাৰে স্থানান্তৰ কৰা হয়। অভিযন্তাসকলৰ বাবে প্ৰায় ৪০০ মিটাৰ দীঘল আৰু ৫৯ মিটাৰ বহল জাহাজখন স্থানান্তৰ কৰাটো এক কঠিন প্ৰত্যাহ্বান আছিল। কিন্তু ক্ৰেন (Crane) আৰু টাগ নাও (Tug Boat)ৰ উপৰিও, ছুপাৰ মুনে (Super Moon) বিশাল জাহাজখন খালৰ পৰা ওলাই যোৱাত সহায় কৰিছিল।

পানামা-পতাকা প্ৰদৰ্শিত জাহাজ "এভাৰ গিভেনে" (Ever Given) এছিয়া আৰু ইউৰোপৰ মাজত সামগ্ৰী বহন কৰে। জাহাজখন বিগত মঙলবাৰে চুৱেজ খালত আৱদ্ধ হৈ পৰিছিল। এই খালটোৰে বিশ্বৰ প্ৰায় ১০ শতাংশ বাণিজ্য বহন হয়।

বিগত সপ্তাহত জাহাজখন আৱদ্ধ হোৱাৰ পিছত বিশ্বৰ সকলো মুখ্য অভিযন্তাৰ উদ্বেগ বৃদ্ধি পাইছিল। দৰাচলতে, জাহাজখন আৱদ্ধ হোৱাৰ পিছত ইয়াক স্থানান্তৰ কৰাৰ প্ৰয়াস কৰা হৈছিল। কিন্তু সফলতা লাভ কৰা নাছিল। জাহাজখন ডাঙৰ শিলৰ মাজত আৱদ্ধ হৈ পৰিছিল। জানিব পৰা মতে, প্ৰায় ৯,৫০০০ ঘন ফুট বালিয়ে ইয়াক ৬০ ফুট পানীৰ তলত ঠেলি পঠিয়াইছিল। যেতিয়া অভিযন্তাসকলে ইয়াক ক্ৰেন আৰু টাগবোটৰ পৰা উলিয়াবলৈ সফল হোৱা নাছিল, তেওঁলোকে সকলোৱে পূৰ্ণিমাৰ ৰাতিলৈ অপেক্ষা কৰিবলৈ আৰম্ভ কৰিছিল।

এটা সময় আহে যেতিয়া পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰোতে চন্দ্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থাকে। পৃথিৱীৰ ওচৰত থকাৰ বাবে, এই সময়ত চন্দ্ৰটো অতি ডাঙৰ আৰু উজ্জ্বল দেখা যায়। ইয়াক ছুপাৰ মুন (Super Moon) বুলি কোৱা হয়। এই সময়ছোৱাত, মাধ্যকৰ্ষণে পানীৰ উচ্চ জোৱাৰ বৃদ্ধি কৰে। পানীৰ স্তৰ একৰ পৰা আঢ়ৈ ফুটলৈ বৃদ্ধি হয়। ইয়াক বসন্ত জোৱাৰ (Spring Tide) বুলিও কোৱা হয়। এইটো মাহত দুবাৰ হয়। পানীৰ স্তৰ বৃদ্ধি হোৱাৰ লগে লগে, জাহাজখন ওপৰলৈ যাবলৈ আৰম্ভ কৰিলে। তাৰ পিছতে অভিযন্তাসকলে ইয়াক আঁতৰাই আনিবলৈ সক্ষম হয়।

যোৱা এসপ্তাহ ধৰি চুৱেজ খালত কমেও ৩৬৭খন জাহাজ আৱদ্ধ হৈ আছিল এই বিশাল জাহাজখন আবদ্ধ হৈ থকাৰ ফলত। এই জাহাজসমূহ অশোধিত তেলৰ পৰা গৰুৰ খাদ্যলৈ, সামগ্ৰীসমূহ বহন কৰিছিল। এমভি এভাৰ গিভেন গ্ৰীড জাহাজ হৈছে বিশ্বৰ সৰ্ববৃহৎ কাৰ্গো জাহাজ। ১২০ মাইল দীঘল খালৰ পাৰত তীব্ৰ বতাহে আঘাত কৰাৰ সময়ত এই ঘটনাটো সংঘটিত হৈছিল। এই জলপথবোৰ সংকীৰ্ণ। তীব্ৰ বতাহৰ ফলত, কৰ্মচাৰীসকলে জাহাজৰ নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত বালিৰ কাষত লাগি ধৰিছিল।
Published by: Sanjay Kumar Das
First published: March 30, 2021, 6:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি