• Home
  • »
  • News
  • »
  • world
  • »
  • PM Imran Khan|Pakistan: মুখলৈ পানী আহিছে ইমৰান খানৰ, পাক সংসদত নাকচ অনাস্থা প্ৰস্তাৱ

PM Imran Khan|Pakistan: মুখলৈ পানী আহিছে ইমৰান খানৰ, পাক সংসদত নাকচ অনাস্থা প্ৰস্তাৱ

PM Imran Khan|Pakistan: অনাস্থা প্ৰস্তাৱক লৈ আলোচনা হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী ইমৰান খান নেচনেল এচেম্বলীত উপস্থিত নাছিল।

  • Share this:
অৱশেষত সাময়িক সকাহ পালে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে (PM Imran Khan)। পাকিস্তান নেচনেল এচেম্বলী (Pakistan National Assembly)ৰ উপাধ্যক্ষই প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ (no-confidence motion) নাকচ কৰিলে। এই অনাস্থা প্ৰস্তাৱক অসাংবিধানিক (unconstitutional) বুলি ঘোষণা কৰে উপাধ্যক্ষই।

উল্লেখ্য যে অনাস্থা প্ৰস্তাৱক লৈ আলোচনা হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী ইমৰান খান নেচনেল এচেম্বলীত উপস্থিত নাছিল।

উপাধ্যক্ষৰ এই সিদ্ধান্তৰ পিছতে দেশবাসীক সম্বোধন কৰে ইমৰান খানে। ইমৰান খানে কয়, "অধ্যক্ষৰ সিদ্ধান্তৰ বাবে মই প্ৰতিজন পাকিস্তানীক অভিনন্দন জনাইছোঁ। অনাস্থা প্ৰস্তাৱটো আমাৰ বিৰুদ্ধে এটা বিদেশী ষড়যন্ত্ৰ আছিল। পাকিস্তানে নিজে সিদ্ধান্ত লোৱা উচিত তেওঁলোকক কোনে শাসন কৰিব লাগে।"

নেচনেল এচেম্বলীত পাক মন্ত্ৰী এইচ ফাৱাদ হুছেইনে (Pak minister Ch Fawad Hussain) অনাস্থা প্ৰস্তাৱৰ কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, "দুৰ্ভাগ্যবশতঃ এয়া হৈছে বিদেশী চৰকাৰৰ শাসন পৰিৱৰ্তনৰ বাবে এক কাৰ্যকৰী অভিযান।"
Published by:Manjumoni Borah
First published: