কোৰোণা ভাইৰাছ মহামাৰীৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত পুৰুষৰ গড় আয়ুস দুবছৰতকৈও অধিক হ্ৰাস পাইছে। কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে নহয় বিশ্বৰ বিভিন্ন দেশতো পুৰুষ আৰু মহিলাৰ প্ৰত্যাশিত গড় আয়ুস হ্ৰাস কৰিছে কোৰোণাই। এই তথ্য প্ৰকাশ কৰিছে এই গৱেষণাই।
সংবাদ সংস্থা ৰয়টাৰৰ প্ৰতিবেদন অনুসৰি, অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এটা অধ্যয়নত এনে তথ্য প্ৰকাশ পাইছে। সোমবাৰে প্ৰকাশিত গৱেষণা প্ৰতিবেদন অনুসৰি, যোৱা বছৰ গড় আয়ুস যিদৰে হ্ৰাস পাইছিল, সেয়া দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমবাৰৰ কাৰণে হোৱা দেখা গৈছে।
উল্লেখ্য, অক্সফৰ্ড বিশ্ববিদ্যালয়ে ২৯খন দেশৰ ওপৰত এই অধ্যয়ন চলাইছিল। অধ্যয়নত দেখা গৈছিল যে ২০১৯ৰ তুলনাত ২০২০ চনত ২২খন দেশত গড় আয়ুস ছয় মাহতকৈও অধিক হ্ৰাস পাইছিল। এই দেশবোৰৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, চিলি আৰু ইউৰোপৰ দেশসমূহো অন্তৰ্ভুক্ত আছিল।
মুঠ ২৯খন দেশৰ ভিতৰত ২৭খন দেশত গড় আয়ুস হ্ৰাস পোৱা বুলি প্ৰকাশ কৰিছে অধ্যয়নটোত। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে গড় আয়ুস হ্ৰাস পোৱাটো কোৰোণা ভাইৰাছ সংক্ৰমণৰ ফলত হোৱা মৃত্যুৰ ঘটনাৰ সৈতে সম্পৰ্কিত হ'ব পাৰে বুলি উল্লেখ কৰে।
ৰয়টাৰৰ প্ৰতিবেদন অনুসৰি, বেছিভাগ দেশতে মহিলাৰ তুলনাত পুৰুষৰ প্ৰত্যাশিত গড় আয়ুস হ্ৰাস পাইছে। ২০১৯ চনৰ তুলনাত ২০২০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত পুৰুষৰ গড় আয়ুস দুবছৰতকৈও অধিক হ্ৰাস পাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত ৬০ বছৰৰ তলৰ বয়সৰ লোকসকলৰ মৃত্যুৰ হাৰ অধিক। আনহাতে, ইউৰোপত ৬০ বছৰতকৈ অধিক বয়সৰ লোকৰ মৃত্যুৰ হাৰ অধিক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|