কাটাৰ ফিফা বিশ্ব কাপ,২০২২ ৰ ফাইনেলত ফ্ৰান্সক পৰাজয় কৰি আৰ্জেণ্টিনাই লাভ কৰিলে বিশ্বকাপ ট্ৰফী। লিঅ’নেল মেছিৰ নেতৃত্বাধীন আৰ্জেণ্টিনা দলে ৩৬ বছৰৰ পাছত দেশলৈ ফিফা বিশ্ব কাপ আনিবলৈ সক্ষম হয়। এই জয়লাভ কৰাৰ পিছতেই মেছি তথা আৰ্জেণ্টিনা দলৰ বিশ্বব্যাপী সমৰ্থকসকলে আনন্দ উপভোগ কৰিছে লগতে মেছিসহ ফুটবল দলটোক প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। মেছিয়েও নিজৰ কেৰিয়াৰৰ প্ৰথমটো ফিফা বিশ্বকাপ ট্ৰফী লাভ কৰি আবেগিক হোৱাৰ উপৰিও আনন্দি হৈ পৰিছে। তেওঁ আৰু তেওঁৰ দলৰ লগতে আৰ্জেণ্টিনাবাসীয়ে এই জয় উদযাপন কৰিছে। শেহতীয়াকৈ মেছিয়ে কাটাৰ ফিফা বিশ্বকাপৰ ট্ৰফীৰ সৈতে কেইখনমান ফটো নিজ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰে। এই ফটোকেইখনে বৰ্তমান বহু লাইক লাভ কৰিছে। মেছিৰ ট্ৰফীৰে সৈতে ছবি ইনষ্টাগ্ৰামত আটাইতকৈ বেছি লাইক লাভ কৰা প্ৰথম ফটো হিচাপেও বিবেচিত হৈছে। এক পোষ্টযোগে ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে নিজৰ ফেচবুক একাউণ্টত এই কথা জনায়।
জুকাৰবাৰ্গে নিজ পোষ্টত লিখিছে, ‘‘লিঅ’ মেছিৰ বিশ্বকাপ পোষ্ট এতিয়া ইনষ্টাগ্ৰাম ইতিহাসত আটাইতকৈ বেছি লাইক হৈছে। ফাইনেলৰ সময়ত হোৱাটছএপে প্ৰতি ছেকেণ্ডত ২৫ মিলিয়ন বাৰ্তা পাইছিল যি ৰেকৰ্ড ব্ৰেকিং অভিলেখ।’’
মেছিয়ে বিশ্বকাপ খেলপথাৰৰ পৰা ট্ৰফী লৈ থকা ফটোখনে মুঠ ৬৭,৩৭৮,৫৯২টা লাইক লাভ কৰিছে যি নিজেই এক অভিলেখ। ইফালে তেওঁ শ্বেয়াৰ কৰা আন এখন ফটো য’ত তেওঁ ফাইনেল খেলখন সম্পূৰ্ণ হোৱাৰ পিছত হোটেললৈ গাড়ীৰে গৈ থকা সময়ৰ ফটো যিয়ে বৰ্তমানলৈকে ৩৮,৭১০,৪৬৪৫ লাইক লাভ কৰিছে। ইয়াৰোপৰি তেওঁ বিশ্বকাপত পোৱা সফলতাৰ এক চমু ফটো ভিডিঅ’ শ্বেয়াৰ কৰে য’ত প্ৰায় ১৫ কোটি অৰ্থাৎ ১৫,৯০৫,৫৬৫ লাইক লাভ কৰিছে।

মন কৰিবলগীয়া যে, তেওঁ ফিফা বিশ্বকাপৰ ট্ৰফীটো লৈ শুই থকা আন এক ফটো শ্বেয়াৰ কৰে য’ত তেওঁ ৪৫,০৫৬,৭৬২ টা লাইক লাভ কৰিছে।
ইয়াৰোপৰি খেলত গ’ল কৰা মুহূৰ্ত, জয়লাভ কৰাৰ মুহূৰ্ত, ট্ৰফী লাভ কৰা মেছি আৰু আৰ্জেণ্টিনাৰ দলটোৰ এটা ক্লিপ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে য’ত ১৭,৩৬১,২৮৩ টা লাইক লাভ কৰিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : December 21, 2022, 09:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|