‘প্ৰকৃত অযোধ্যা’ ইয়াত আছে, ৰাম আচলতে নেপালী আছিল, নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ দাবী

News18 Assam | News18-Assam
Updated:July 13, 2020, 10:27 PM IST
‘প্ৰকৃত অযোধ্যা’ ইয়াত আছে, ৰাম আচলতে নেপালী আছিল, নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ দাবী
এতিয়া ক্ৰমাত্‍ অৱনমিত হৈছে ভাৰত নেপালৰ মাজত বৈদেশিক সম্পৰ্ক

এতিয়া ক্ৰমাত্‍ অৱনমিত হৈছে ভাৰত নেপালৰ মাজত বৈদেশিক সম্পৰ্ক

  • Share this:
নেপালৰ প্ৰধানমন্ত্ৰীৰ এটা বিশেষ মন্তব্যই এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভগৱান শ্ৰীৰামক নেপালৰ প্ৰধানমন্ত্ৰীয়ে ‘নেপালী’ আছিল বুলি মন্তব্য কৰিছে। একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিয়ে কৈছে যে, ‘ভগৱান ৰাম ভাৰতীয় নহয়। আচলতে ভগৱান ৰাম নেপালীহে। 'প্ৰকৃত অযোধ্যা' খনো নেপালতহে আছে।’

এতিয়া ক্ৰমাত্‍ অৱনমিত হৈছে ভাৰত নেপালৰ মাজত বৈদেশিক সম্পৰ্ক। শেহতীয়াকৈ নেপাল চৰকাৰে দেশখনৰ সংবিধান সংশোধন কৰি ৰাজনৈতিক মানচিত্ৰ নতুনকৈ প্ৰস্তুত কৰিছে। নেপালৰ সংসদে অনুমোদন জনোৱা নতুন ৰাজনৈতিক মেপ খনত ভাৰতৰ ভূ-খণ্ডৰ লুপিলেখ, কালাপানী আৰু লিমপিয়াধুৰা অঞ্চল নিজৰ বুলি দাবী কৰিছে নেপালে। নেপালৰ এনে কাৰ্য কোনো পধ্যেই মানি লোৱা নাই ভাৰতবৰ্ষই।



উল্লেখযোগ্য যে, যোৱা সপ্তাহত নেপাল চৰকাৰে দেশখনত ভাৰতৰ সকলো ব্যক্তিগত খণ্ডৰ বাতৰি চেনেলৰ সম্প্ৰচাৰ বন্ধ কৰিছে। আনকি ভাৰতৰ নিউজ চেনেলে দেশখনৰ ৰাষ্ট্ৰীয় অনুভূতিক আঘাত হানে বুলিও মন্তব্য কৰিছে।
Published by: Himangshu Bhuyan
First published: July 13, 2020, 10:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading