বিশ্বৰ প্ৰথম পাইলট আছিল ৰাৱন, ৫০০০ বছৰ পূৰ্বে কেনেকৈ উৰিছিল ৰাৱনে? – অধ্যয়ন কৰিব শ্ৰীলংকা চৰকাৰে

শশী দানতুনগে নামৰ বিষয়াগৰাকীয়ে কয় – ৰজা ৰাৱন এজন প্ৰতিভাশালী ব্যক্তি আছিল। তেওঁ আছিল বিশ্বৰ প্ৰথমগৰাকী আকাশত উৰা ব্যক্তি। তেওঁ এজন বিমান চালক আছিল।

News18-Assam
Updated:August 1, 2019, 12:58 PM IST
বিশ্বৰ প্ৰথম পাইলট আছিল ৰাৱন, ৫০০০ বছৰ পূৰ্বে কেনেকৈ উৰিছিল ৰাৱনে? – অধ্যয়ন কৰিব শ্ৰীলংকা চৰকাৰে
শশী দানতুনগে নামৰ বিষয়াগৰাকীয়ে কয় – ৰজা ৰাৱন এজন প্ৰতিভাশালী ব্যক্তি আছিল। তেওঁ আছিল বিশ্বৰ প্ৰথমগৰাকী আকাশত উৰা ব্যক্তি। তেওঁ এজন বিমান চালক আছিল।
News18-Assam
Updated: August 1, 2019, 12:58 PM IST
শ্ৰীলংকা চৰকাৰৰ মতে ৰজা ৰাৱন বিশ্বৰ প্ৰথম বিমান চালক আছিল। তেওঁ ৫০০০ বছৰ পূৰ্বে আকাশত উৰিছিল। শ্ৰীলংকাৰ অসামৰিক পৰিবহণ প্ৰাধিকৰণে এতিয়া প্ৰাচীণ কালত ৰাৱনে উৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি উদ্ঘাটনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

কলম্বোৰ পৰা টেলিফোনযোগে NEWS18ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসামৰিক পৰিবহণ প্ৰাধিকৰণৰ এগৰাকী বিষয়াই কয় যে তেওঁৰ ওচৰত এয়া প্ৰমাণ কৰিবলৈ তথ্য আছে যে ৰাৱনে বিমানৰ ব্যৱহাৰ কৰা আৰু আকাশত উৰা প্ৰথম ব্যক্তি আছিল।

শশী দানতুনগে নামৰ বিষয়াগৰাকীয়ে কয় – ৰজা ৰাৱন এজন প্ৰতিভাশালী ব্যক্তি আছিল। তেওঁ আছিল বিশ্বৰ প্ৰথমগৰাকী আকাশত উৰা ব্যক্তি। তেওঁ এজন বিমান চালক আছিল। এয়া পৌৰাণিক কথা নহয়, এয়া এক তথ্য। ইয়াৰ ওপৰত এক বিস্তৃত অনুসন্ধানৰ প্ৰয়োজন আছে। আগন্তুক ৫ বছৰত আমি এয়া প্ৰমাণ কৰিম।

কাটুনায়কেত অসামৰিক পৰিবহণ বিভাগৰ বিশেষজ্ঞ, ইতিহাসবিদ, পুৰাতত্ত্ববিদ, বিজ্ঞানী আৰু ভূ–বিজ্ঞানীসকলৰ এক সন্মিলনৰ আয়োজন কৰা হয়। সন্মিলনত উপসংহাৰ হিচাপে কোৱা হয় যে ৰাৱনে ৫০০০ বছৰ পূৰ্বে শ্ৰীলংকাৰ পৰা আজিৰ ভাৰতলৈ উৰা মাৰিছিল আৰু উভতি আহিছিল।

শ্ৰীলংকাৰ বহু লোকে বিশ্বাস কৰে যে ৰাৱন এজন পৰোপকাৰী ৰজা আৰু বিদ্যান লোক আছিল। একাংশ ভাৰতীয় ধৰ্মগ্ৰন্থয়ো তেওঁক ‘মহা ব্ৰাহ্মণ’ বুলি কয়।
আৰু চাওক পৰৱৰ্তী বাতৰি