ভয়ংকৰ সুন্দৰ! ৰঙা গোলাপত বিৰল প্ৰজাতিৰ ব্লু পিট ভাইপাৰ, ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’

News18 Assam | News18-Assam
Updated:September 20, 2020, 1:12 PM IST
ভয়ংকৰ সুন্দৰ! ৰঙা গোলাপত বিৰল প্ৰজাতিৰ ব্লু পিট ভাইপাৰ, ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’
ছচিয়েল মিডিয়াত পোষ্ট হোৱাৰ পিছত হাজাৰ হাজাৰ লোকে প্ৰত্যক্ষ কৰিছে এই ভিডিঅ’।

ছচিয়েল মিডিয়াত পোষ্ট হোৱাৰ পিছত হাজাৰ হাজাৰ লোকে প্ৰত্যক্ষ কৰিছে এই ভিডিঅ’।

  • News18 Assam
  • Last Updated: September 20, 2020, 1:12 PM IST
  • Share this:
এপাহি ৰঙা গোলাপত এডাল নীলা সাপ। ‘ভয়ংকৰ সুন্দৰ’ এই ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। লাইফ অব আৰ্থ নামৰ এক টুইটাৰ হেণ্ডেলৰ পৰা ১৭ ছেপ্টেম্বৰত টুইট কৰা হৈছে এই ভিডিঅ’। ব্লু পিট ভাইপাৰৰ ভিডিঅ’টোৰ কেপচনত লিখা হৈছে – অবিশ্বাস্য সুন্দৰ ব্লু পিট ভাইপাৰ।

বিশ্বত নীলা সাপ বিৰল। সেয়েহে বিৰল প্ৰজাতিৰ এই ব্লু পিট ভাইপাৰে সকলোৰে দৃষ্টি কাঢ়িছে। ভিডিঅ’টোত নীলা ৰঙৰ সাপডালক এটা গোলাপ ফুলৰ ওপৰত দেখা গৈছে। ভিডিঅ’টোত যেনেকুৱা দেখা গৈছে, আচলতে কিন্তু ইমান নিৰীহ নহয় ব্লু পিট ভাইপাৰ। মাৰাত্মক বিষাক্ত এই সাপৰ বিহে শৰীৰত ব্যাপক ৰক্তক্ষৰণ ঘটায়।

মস্কো চিৰিয়াখানা কৰ্তৃপক্ষই দিয়া তথ্য অনুযায়ী, এই ব্লু পিট ভাইপাৰ সাপ আচলতে হোৱাইট লিপড আইলেণ্ড পিট ভাইপাৰ প্ৰজাতিৰ। অধিকাংশ হোৱাইট লিপড পিট ভাইপাৰ সেউজীয়া হয়। সেয়েহে নীলা ৰঙৰ সাপ খুব বিৰল প্ৰজাতিৰ।


ছচিয়েল মিডিয়াত পোষ্ট হোৱাৰ পিছত হাজাৰ হাজাৰ লোকে প্ৰত্যক্ষ কৰিছে এই ভিডিঅ’। অষ্ট্রেলিয়ান জিঅ’গ্ৰাফিক ষ্টিফেন মাহনিয়ে জনোৱা মতে, ব্লু পিট ভাইপাৰ খুব আগ্ৰাসী। এই সাপৰ বিষত মানুহৰ যদিও মৃত্যু নহয়, কিন্তু অত্যন্ত যন্ত্ৰণাদায়ক। শৰীৰ ফুলি যোৱাৰ লগতে শৰীৰৰ বাহিৰত আৰু ভিতৰত ৰক্তক্ষৰণৰ দৰে ঘটনা ঘটে।
Published by: Sanjay Kumar Das
First published: September 20, 2020, 1:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading