Nepali Congress আৰু CPN (মাওবাদী কেন্দ্ৰ)কে ধৰি আঠটা দলীয় মিত্ৰতাৰ সাধাৰণ প্ৰাৰ্থী পৌড়েলে সংসদৰ ২১৪ জন সাংসদ আৰু প্ৰাদেশিক বিধানসভাৰ ৩৫২ জন সদস্যৰ ভোট লাভ কৰি নিৰ্বাচিত হয়।
নেপালী কংগ্ৰেছৰ মুৰব্বী শ্বেৰ বাহাদুৰ দেউবাই টুইট কৰি কয় যে, "মোৰ বন্ধু ৰামচন্দ্ৰ পৌড়েলজীক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন!"
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা ৮৮২ জন, য’ত ৩৩২ জন সংসদৰ সদস্য আৰু সাতখন প্ৰদেশৰ ৫৫০ জন প্ৰাদেশিক বিধানসভাৰ সদস্য আছে।
নিৰ্বাচন আয়োগৰ মুখপাত্ৰ শলিগ্ৰাম ডাঙৰীয়াই কয় যে ৰাষ্ট্ৰপতি নিৰ্বাচনত ৫১৮ জন প্ৰাদেশিক বিধানসভাৰ সদস্য আৰু ফেডাৰেল সংসদৰ ৩১৩ জন সদস্যই ভোটদান কৰে।
Published by: Subham Goswami
FIRST PUBLISHED : March 09, 2023, 23:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।