ইটালীৰ বিৰুদ্ধে টাই-ব্ৰেকাৰত ৩-২ গ'লৰ পৰাজয়ৰ পিছত ইংলেণ্ডৰ তিনিজন কৃষ্ণাঙ্গ ফুটবলাৰ বৰ্ণবাদী মন্তব্যৰ চিকাৰ হ'বলৈ আৰম্ভ কৰিছে৷ বৰ্ণবাদী মন্তব্যই এনে এক পৰ্যায় পাই যে ইংলিছ ফুটবল এছ'চিয়েচনে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি এটা বিবৃতি দিবলৈ বাধ্য হৈছে৷ তেওঁলোকে স্পষ্ট কৰি দিছে যে যিসকল দেশীয় ফুটবলাৰ এনে আক্ৰমণৰ সন্মুখীন হৈছে তেওঁলোকৰ কাষত আছে ফুটবল সংস্থাটো।
দেওবাৰে ইউৰো কাপৰ ফাইনেলত ইংলেণ্ড ইটালীৰ বিৰুদ্ধে টাই-ব্ৰেকাৰত ৩-২ গ'লত পৰাজিত হয়৷ ১৯৬৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে ইংলেণ্ডে আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয়ৰ এটা সুযোগ পাইছিল, যাৰ পৰা বঞ্চিত হয় দেশখন ৷ দলটোৰ মাৰ্কাছ ৰেচফোৰ্ড, জেডেন চাঞ্চো আৰু বুকায়ো চাকাই টাই-ব্ৰেকাৰত পেনাল্টি শ্বট ভুল কৰে। ইয়েই ইংলেণ্ডৰ পৰাজয় নিশ্চিত কৰে।
ইয়াৰ পিছতেই ইংৰাজ সমৰ্থকৰ এটা শ্ৰেণীয়ে তিনিজন কৃষ্ণাঙ্গ ফুটবলাৰক সম্বোধন কৰি ছ'চিয়েল মিডিয়াত বৰ্ণবাদী মন্তব্য কৰিবলৈ আৰম্ভ কৰে৷ ইয়াকে লৈ ইংলিছ ফুটবল এছোচিয়েচনে বিবৃতিত কয় যে তিনিজন ফুটবলাৰক যিধৰণে আক্ৰমণ কৰা হৈছিল তাক লৈ তেওঁলোক হতবাক হৈছে৷ ইংলেণ্ডৰ যুৱ দলটোৱে বিশ্বজুৰি অসংখ্য ফুটবল অনুৰাগীৰ হৃদয় জয় কৰিছিল৷ কিন্তু ফাইনেলত পৰাজিত হোৱাৰ লগে লগে ছবিখন সলনি হৈ গ'ল৷ চাকা, চাঞ্চো ইংৰাজ অনুৰাগীসকলৰ বাবে খলনায়ক হৈ পৰিল৷ বৰ্ণবিদ্বেষ মন্তব্যক লৈ লণ্ডন মেট্ৰ'পলিটান পুলিচেও তদন্ত কৰি আছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|