খেলি থাকোতেই ক্ৰিকেটাৰৰ মৃত্যু, অপৰাজিত ৭১ ৰানৰ পিছতে ঢলি পৰিল খেলপথাৰত

News18-Assam
Updated:November 26, 2019, 1:42 PM IST
খেলি থাকোতেই ক্ৰিকেটাৰৰ মৃত্যু, অপৰাজিত ৭১ ৰানৰ পিছতে ঢলি পৰিল খেলপথাৰত
২০ বছৰ ধৰি কুইনছ ক্ৰিকেট ক্লাবৰ হৈ খেলি আছিলল বিকাশে আৰু গ’ল্ড ক’ষ্টত অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল।

২০ বছৰ ধৰি কুইনছ ক্ৰিকেট ক্লাবৰ হৈ খেলি আছিলল বিকাশে আৰু গ’ল্ড ক’ষ্টত অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল।

  • Share this:
ক্ৰিকেট জগতত আকৌ সংঘটিত হ’ল এক দুখজনক ঘটনা। খেলি থাকোতেই মৃত্যুমুখত পৰিল এজন ক্ৰিকেটাৰ। অষ্ট্ৰেলিয়াৰ কুইনছ ক্ৰিকেট ক্লাবে ছাউথপ’ৰ্টত এখন খেল চলি থকাৰ সময়তে হেৰুৱাবলগীয়া হ’ল ক্লাবটোৰ খেলুৱৈ বিকাশ মালহোত্ৰাক।

৪৩ বছৰীয়া বিকাশ মালহোত্ৰাৰ খেল চলি থকাৰ সময়তে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। খেলখনত অপৰাজিতভাৱে ৭১ ৰানৰ ইনিংছ খেলাৰ পিছত যেতিয়া ফিল্ডিং কৰি আছিল, সেই সময়তে ঢলি পৰে খেলুৱৈজন।

২০ বছৰ ধৰি কুইনছ ক্ৰিকেট ক্লাবৰ হৈ খেলি আছিলল বিকাশে আৰু গ’ল্ড ক’ষ্টত অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল। ক্লাবৰ সভাপতি গ্ৰেগ চেম্পলিনে এই ঘটনাৰ পিছত কয় যে বিকাশ অন্তৰৰ পৰা অষ্ট্ৰেলিয়ান আছিল, কিন্তু সদায় ভাৰতীয় পৰম্পৰা অনুসৰণ কৰিছিল। মৃত বিকাশ মালহোত্ৰা আছিল দিল্লীৰ বাসিন্দা।

কিছুদিন পিছতে আছিল বিকাশ মালহোত্ৰাৰ জন্মদিন (ফটো : News18 Hindi)


 


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি