• Home
  • »
  • News
  • »
  • world
  • »
  • আজি সম্পন্ন হ'ব ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া; ইতিমধ্যে উপস্থিত কেইবাখনো দেশৰ মুৰব্বীসকল

আজি সম্পন্ন হ'ব ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া; ইতিমধ্যে উপস্থিত কেইবাখনো দেশৰ মুৰব্বীসকল

ৰাণীৰ শেষ কাৰ্যৰ পূৰ্বে ৰজা তৃতীয় চাৰ্লছে দেওবাৰে বাকিংহাম পেলেচত বিশ্বৰ নেতাসকলক আদৰণি জনায়।

ৰাণীৰ শেষ কাৰ্যৰ পূৰ্বে ৰজা তৃতীয় চাৰ্লছে দেওবাৰে বাকিংহাম পেলেচত বিশ্বৰ নেতাসকলক আদৰণি জনায়।

ৰাণীৰ শেষ কাৰ্যৰ পূৰ্বে ৰজা তৃতীয় চাৰ্লছে দেওবাৰে বাকিংহাম পেলেচত বিশ্বৰ নেতাসকলক আদৰণি জনায়।

  • Share this:
আজি ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। ৰাণীৰ শেষ কাৰ্যৰ পূৰ্বে ৰজা তৃতীয় চাৰ্লছে দেওবাৰে বাকিংহাম পেলেচত বিশ্বৰ নেতাসকলক আদৰণি জনায়। সেই অনুষ্ঠানত উপস্থিত হৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৰাণীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ৰাণী দ্বিতীয় এলিজাবেথক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ জো বাইডেনে তেওঁৰ পত্নী জিল বাইডেনৰ সৈতে লণ্ডনৰ ৱেষ্টমিনষ্টাৰ হলত ব্ৰিটিছ পতাকাত মেৰিয়াই থোৱা ৰাণীৰ কফিনৰ ফালে মুখ কৰি নিজৰ হৃদয়ত হাত ৰাখি সন্মান জনায়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাইডেনে কয় যে, ৮ ছেপ্টেম্বৰত মৃত্যু হোৱা ৯৬ বছৰ বৰ্ষৰ ৰাণীয়ে বিগত ৭০ বছৰ ধৰি "সেৱাৰ ধাৰণা"ৰ এক অনন্য উদাহৰণ দি গৈছে। ৰাণী দ্বিতীয় এলিজাবেথে বাইডেনক তেওঁৰ মাতৃৰ কথা সোঁৱৰাই দিয়ে বুলি তেখেতে লগতে কয়। সংবাদ মাধ্যমৰ তথ্য অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে বাকিংহাম পেলেচলৈ ৰাওনা হোৱাৰ আগতে এই মন্তব্য কৰিছিল।

ৰাণী নশ্বৰ দেহটো বৰ্তমান ৱেষ্টমিনষ্টাৰ হলত ৰখা হৈছে আৰু ইয়াত তেওঁক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দিব অহা লোকসকলে তেওঁলোকৰ মনোভাব লিখিবলৈ এখন শোক বহী ৰখা হৈছে। জো বাইডেনে ৰাণীৰ শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ৱেষ্টমিনষ্টাৰ হলত উপস্থিত হৈছিল আৰু এটা টোকা লিখিছিল য’ত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডৰৰ লোকসকলক ৰাণীৰ সান্নিধ্য পোৱাৰ বাবে সৌভাগ্যৱান বুলি উল্লেখ কৰিছে। তেওঁৰ লগতে সকলোৱে ৰাণীৰ মৰম পাইছিল বুলিও তেওঁ প্ৰকাশ কৰাৰ উপৰিও ৰাণীয়ে এই পৃথিৱীখন ভাল পাইছিল বুলিও উল্লেখ কৰে।

বাইডেনে শোক বহীত স্বাক্ষৰ কৰাৰ পিছত কয় যে, "ইংলেণ্ডৰ লোকসকল, যুক্তৰাজ্যৰ লোকসকল ,,এতিয়া আমাৰ হৃদয় আমাৰ আমাৰ পৰা বিচ্ছিন্ন হৈ পৰিছে, আপোনালোক সৌভাগ্যৱান যে ৭০ বছৰ ধৰি আপোনালোকে তেওঁৰ সানিধ্য পালে, আমি সকলোৱে তেওঁৰ মৰম আৰু আদৰ পাইছিলো কাৰণ পৃথিৱীখন তেওঁৰ বাবে ভাল আছিল।"

ইয়াৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বাকিংগহাম পেলেচলৈ যায় য'ত ৰজা চাৰ্লছে ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ অহা জাপানৰ সম্ৰাট নাৰুহিটোৰ পৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনলৈকে বহুতো নেতাক আদৰণি জনায়।
Published by:Sehnaz Begum
First published: