• Home
  • »
  • News
  • »
  • world
  • »
  • আৰ্জেণ্টিনাৰ বিৰুদ্ধে জয়ৰ বৃহৎ উদযাপন; বুধবাৰে চৌদি আৰৱত ৰাষ্ট্ৰীয় বন্ধ ঘোষণা

আৰ্জেণ্টিনাৰ বিৰুদ্ধে জয়ৰ বৃহৎ উদযাপন; বুধবাৰে চৌদি আৰৱত ৰাষ্ট্ৰীয় বন্ধ ঘোষণা

ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ বিৰুদ্ধে চৌদি আৰৱৰ ফুটবল দলৰ ২-১ গ'লৰ জয়ৰ পিছত চৌদি আৰৱৰ এই ঘোষণা

ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ বিৰুদ্ধে চৌদি আৰৱৰ ফুটবল দলৰ ২-১ গ'লৰ জয়ৰ পিছত চৌদি আৰৱৰ এই ঘোষণা

ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ বিৰুদ্ধে চৌদি আৰৱৰ ফুটবল দলৰ ২-১ গ'লৰ জয়ৰ পিছত চৌদি আৰৱৰ এই ঘোষণা

  • Share this:
ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ বিৰুদ্ধে চৌদি আৰৱৰ ফুটবল দলৰ ২-১ গ'লৰ জয়ৰ পিছত চৌদি আৰৱে আজি অৰ্থাৎ বুধবাৰে ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰিছে। উপসাগৰীয় দেশৰ স্থানীয় সংবাদ মাধ্যমসমূহে এই তথ্য জানিবলৈ দিছে। চৌদিৰ ৰজা চলমানে মঙলবাৰে ঘোষণা কৰিছিল যে সকলো চৰকাৰী আৰু ব্যক্তিগত কৰ্মচাৰীক বুধবাৰে অব্যাহতি দিয়া হ'ব, লগতে বিদ্যালয়সমূহো বন্ধ থাকিব।

চৌদি আৰৱত চূড়ান্ত পৰীক্ষাৰ মাজতে এই সিদ্ধান্ত লোৱা হৈছে যিয়ে সূচায় যে পৰীক্ষাবোৰ পুনৰ নিৰ্ধাৰণ কৰিব লাগিব।

ৰয়েল ক'ৰ্টৰ পৰামৰ্শদাতা আৰু চৌদি আৰৱৰ জেনেৰেল এণ্টাৰটেইনমেণ্ট অথৰিটিৰ মুৰব্বী তুৰ্কী আল-শ্বেইখে টুইটাৰত ঘোষণা কৰে যে চহৰখনৰ মুখ্য থীম পাৰ্ক আৰু মনোৰঞ্জন কেন্দ্ৰসমূহৰ প্ৰৱেশ মাচুল মঙলবাৰৰ ৰেহাই দিয়া হ'ব।

লিঅ'নেল মেছিৰ আৰম্ভণিৰ পেনাল্টি গ'লৰ (দশম মিনিট) পাছতেই চৌদি আৰবে দোহাৰ লুচেল ষ্টেডিয়ামত চালেহ আল-শ্বেহৰীয়ে (৪৮ মিনিট) সমতা অৰ্জন কৰে আৰু চালেম আল-দাওছাৰীয়ে বিজয়ী গ'লটো (৫৩ মিনিট) কৰে।

খেলখনৰ চূড়ান্ত হুইচেলৰ (আৰ্জেণ্টিনা বনাম চৌদি আৰৱ) পিছত, সমগ্ৰ ৰাজধানী ৰিয়াদত উদযাপনৰ ঢৌ আহিছিল। য'ত অনুৰাগীসকলে সংগীতৰ সৈতে একেলগে নাচিছিল আৰু দ্ৰুতবেগী গাড়ীৰ খিৰিকীৰ পৰা ৰাষ্ট্ৰীয় পতাকা উৰুৱাইছিল।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি