• Home
  • »
  • News
  • »
  • world
  • »
  • সাপৰ সৈতে খেলা কৰি তালুত ব্ৰহ্মখোট খালে যুৱকে – চাওক ভিডিঅ’

সাপৰ সৈতে খেলা কৰি তালুত ব্ৰহ্মখোট খালে যুৱকে – চাওক ভিডিঅ’

যুৱকজনে অজগৰডাল মূৰত তুলি লোৱাত সুবিধা পাই সৰ্বশক্তিৰে মূৰত কামুৰি ধৰে অজগৰডালে।

যুৱকজনে অজগৰডাল মূৰত তুলি লোৱাত সুবিধা পাই সৰ্বশক্তিৰে মূৰত কামুৰি ধৰে অজগৰডালে।

যুৱকজনে অজগৰডাল মূৰত তুলি লোৱাত সুবিধা পাই সৰ্বশক্তিৰে মূৰত কামুৰি ধৰে অজগৰডালে।

  • Share this:
    অজগৰ দেখিলেই ভয় লাগে। কিন্তু কোনোৱে যদি সেই অজগৰৰ সৈতে খেলা কৰে আৰু অজগৰডালক বাৰে বাৰে অতিষ্ঠ কৰে তেন্তে কি হ’ব পাৰে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এজন যুৱকে অজগৰৰ লগত খেলা কৰাৰ এটা ভিডিঅ’। ভিডিঅ’টোত প্ৰথমে যুৱকজনে অজগৰডালৰ সৈতে খেলা দেখা গৈছে। কিন্তু কিছু সময় পিছতে অজগৰডালে যুৱকজনৰ মূৰত সৰ্বশক্তিৰে কামুৰি ধৰা দেখা গৈছে। Reptile Hunter নামৰ ফেচবুক পেজটোৱে শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো।

    ভিডিঅ’টোত যুৱকজনে অজগৰডাল হাতেৰে ধৰি খেলা দেখা গৈছে। অজগৰডাল হাতত লৈ মুখেৰে ফুৱাই দিছে যুৱকজনে। যুৱকজনৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ অজগৰডালে কেইবাবাৰো কামুৰিবলৈ চেষ্টা কৰিছে। কিন্তু বাৰে বাৰে বাচি গৈছে যুৱকজন। কিছু সময় পিছত যুৱকজনে অজগৰডাল মূৰত তুলি লোৱাত সুবিধা পাই সৰ্বশক্তিৰে মূৰত কামুৰি ধৰে অজগৰডালে।

    অজগৰডালে যিধৰণে যুৱকজনৰ ওপৰত আক্ৰমণ কৰিছে সেয়া দেখি আপুনি ভয় খাব। অজগৰডালে কামুৰি ধৰাত বাৰে বাৰে যুৱকজনে আঁতৰাবলৈ চেষ্টা কৰিছে যদিও বিফল হৈছে। ১৯ ছেপ্টেম্বৰত ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছিল ভিডিঅ’টো।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।

    First published: