বিশ্বৰ চাৰি নম্বৰৰ খেলুৱৈ নৌজুমী ওকুহাৰৰ সৈতে ৩৭ মিনিটৰ যুঁজৰ অন্তত ২১–৭, ২১–৭ পোনপটীয়া ছেটত জয়লাভ কৰে সিন্ধুৱে
বিশ্বৰ চাৰি নম্বৰৰ খেলুৱৈ নৌজুমী ওকুহাৰৰ সৈতে ৩৭ মিনিটৰ যুঁজৰ অন্তত ২১–৭, ২১–৭ পোনপটীয়া ছেটত জয়লাভ কৰে সিন্ধুৱে
BWF বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণপদক অৰ্জন কৰি ইতিহাস ৰচিলে ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে। ছুইজাৰলেণ্ডত অনুষ্ঠিত এই বি ডব্লিউ এফ বেটমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত জাপানৰ খেলুৱৈক পৰাস্ত কৰে ২৪ বছৰীয়া ভাৰতীয় তাৰকাগৰাকীয়ে। বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণপদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় শ্বাটলাৰ সিন্ধু। ফাইনেলত সিন্ধুৱে ২১–৭, ২১–৭ ছেটত পৰাস্ত কৰে জাপানৰ নৌজুমী ওকুহাৰাক।
বিশ্বৰ চাৰি নম্বৰৰ খেলুৱৈ নৌজুমী ওকুহাৰৰ সৈতে ৩৭ মিনিটৰ যুঁজৰ অন্তত ২১–৭, ২১–৭ পোনপটীয়া ছেটত জয়লাভ কৰে সিন্ধুৱে। ২০১৭ আৰু ২০১৮ চনত ৰূপ আৰু ২০১৩ আৰু ২০১৪ত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল পি ভি সিন্ধুৱে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|