মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »বাছষ্টেণ্ডত ১৩গৰাকী কণ কণ শিশুক ছুৰীৰে আক্ৰমণ, নিহত ৩জন

বাছষ্টেণ্ডত ১৩গৰাকী কণ কণ শিশুক ছুৰীৰে আক্ৰমণ, নিহত ৩জন

উন্মাদ মানসিকতাৰ ব্যক্তিৰ জঘন্য অপৰাধ।

উন্মাদ মানসিকতাৰ ব্যক্তিৰ জঘন্য অপৰাধ।

উন্মাদ মানসিকতাৰ ব্যক্তিৰ জঘন্য অপৰাধ।

  • News18
  • Last Updated :
  • Share this:
    জাপানৰ ৰাজধানী টকিঅ’ত মঙলবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ ঘটনা। উন্মাদ মানসিকতাৰ এগৰাকী ব্যক্তিয়ে বাছষ্টেণ্ডত ৰৈ থকা যাত্ৰীসকলৰ ওপৰত অতৰ্কিতে ছুৰীৰে আক্ৰমণ চলায়। এই ঘটনাত  ৩জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩টি কণ কণ শিশুসহ ১৯জন ব্যক্তি আঘাতপ্ৰাপ্ত হয়।

    জাপানৰ স্থানীয় সময়মতে পুৱা ভিৰ হোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হয়। দেশখনৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত তথ্য অনুসৰি  কাৱাসাকী বাছ ষ্টেণ্ডত হোৱা আক্ৰমণত এটি শিশুসহ তিনিজন লোকৰ মৃত্যু হয়। চৰকাৰী তথ্যমতে দুজনৰ মৃত্যু হৈছে। সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি আক্ৰমণকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু ঘটনাস্থলীত দুখন ছুৰী উদ্ধাৰ কৰা হৈছে।

    এনএইচকে টিভিৰ মতে আৰক্ষীয়ে তদন্তত লাভ কৰিছে যে হাতত ছুৰী লৈ ব্যক্তিজনে প্ৰথমে বাছৰ ফালে আগবাঢ়ি গৈছিল শিশুসকলক ছুৰীৰে যধে–মধে হানিবলৈ আৰম্ভ কৰে। আক্ৰমণকাৰীজনে বহু লোকক আঘাতপ্ৰাপ্ত কৰাৰ পিছত একেখন ছুৰীৰে নিজৰ গলা কাটি আত্মহত্যা কৰাৰ প্ৰয়াস কৰে। এই পৰ্যন্ত আক্ৰমণকাৰীজনৰ বিষয়ে বিশেষ তথ্য উদ্ধাৰ কৰা হোৱা নাই।

    আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় আৰু কেইবাজনৰো অৱস্থা গুৰুতৰ।

    শেহতীয়া বাতৰি