মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»‘হাজেলা তুমি কোথাই যাবে’ – NRC বিৰোধী শ্লোগানেৰে দিল্লী কঁপালে বাঙালী সংগঠনে

‘হাজেলা তুমি কোথাই যাবে’ – NRC বিৰোধী শ্লোগানেৰে দিল্লী কঁপালে বাঙালী সংগঠনে

News18-Assam
Updated:September 5, 2019, 3:31 PM IST
‘হাজেলা তুমি কোথাই যাবে’ – NRC বিৰোধী শ্লোগানেৰে দিল্লী কঁপালে বাঙালী সংগঠনে
NRCৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ ১২ লাখেই হিন্দু বাঙালী আৰু বৈধ নাগৰিক বুলি দাবী কৰে প্ৰতিবাদকাৰী সংগঠনটোৰ নেতাসকলে।

NRCৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ ১২ লাখেই হিন্দু বাঙালী আৰু বৈধ নাগৰিক বুলি দাবী কৰে প্ৰতিবাদকাৰী সংগঠনটোৰ নেতাসকলে।

  • Share this:
দিল্লীৰ যন্তৰ মন্তৰত অসমৰ হিন্দু বাঙালী সংগঠনৰ বিশাল প্ৰতিবাদ। সদৌ বাঙালী যুৱ ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰায় অসমৰ ৫টাৰো অধিক বাঙালী সংগঠনে পূৰ্ণাংগ NRCৰ বিৰোধিতা কৰি সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰায় ১০০০ প্ৰতিবাদকাৰীয়ে ‘হাজেলা তুমি কোথাই যাবে’ শ্লোগানেৰে আকাশ–বতাহ কঁপাই তোলে। NRCৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ ১২ লাখেই হিন্দু বাঙালী আৰু এইসকল বৈধ নাগৰিক বুলি দাবী কৰে প্ৰতিবাদকাৰী সংগঠনটোৰ নেতা সকলে।

‘১২ লাখ লোকৰ কোনো এজনো বিদেশী ন্যায়ধিকৰণলৈ নাযায়। স্থানীয় NSKতে এওঁলোকৰ নথি পৰীক্ষণ হওক আৰু বিনাচৰ্তে এওঁলোকৰ নাম NRCত অন্তৰ্ভুক্ত কৰক’ – এই দাবী প্ৰতিবাদকাৰী নেতাৰ।

আনহাতে, ৮ ছেপ্টেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অসম ভ্রমনৰ দিনা অসমৰ হিন্দু বাঙালীসকলে ক’লা দিৱস পালন কৰিব বুলিও ঘোষণা কৰে প্ৰতিবাদকাৰীসকলে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।

First published: September 5, 2019, 3:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি